চাকৰিৰ নামত চাইবাৰ প্ৰতাৰণা চক্ৰৰ হাতত ক্রীতদাস হৈ আছিল ভাৰতীয়
নতুন দিল্লী,১২মার্চঃ চাকৰিৰ প্রলোভনেৰে ম্যানমাৰলৈ লৈ গৈ নিয়োগ কৰা হৈছিল কল চেণ্টাৰত। এই ভাৰতীয় তৰুণসকলক ব্যৱহাৰ কৰি ভাৰতত চলোৱা হৈছিল চাইবাৰ প্ৰতাৰণা চক্র। দীর্ঘদিন ধৰি চাইবাৰ প্ৰতাৰকসকলৰ হাতত ক্রীতদাসৰ দৰে বন্দী হৈ থাকিবলগীয়া হৈছিল ভাৰতীয় তৰুণসকলে। অৱশেষত তেনে ২৮৩জন ভাৰতীয়ক উদ্ধাৰ কৰি গৃহভূমিলৈ ওভতাই অনা হৈছে। ম্যানমাৰ আৰু থাইলেণ্ড প্ৰশাসনৰ উদ্যোগত বায়ুসেনাৰ বিমানেৰে এই ভাৰতীয় তৰুণসকলক দেশলৈ ওভতাই অনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য। উদ্ধাৰ হোৱা ২৮৩জন ভাৰতীয় তৰুণৰ মাজত ৪২জন তেলেগুভাষী আছে। শকত অংকৰ বেতনত চাকৰিৰ প্ৰতিশ্রুতি দি এই তৰুণসকলক নিয়োগ কৰা হৈছিল থাইলেণ্ড আৰু ম্যানমাৰত। দুয়োখন দেশৰ ভুৱা কল চেণ্টাৰসমূহত এই ভাৰতীয় তৰুণসকলক দাসৰ দৰে খটুওৱা হৈছিল।