...

মহাকাশত অসমে স্থাপন কৰিব নিজা ছেটেলাইটঃ বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণা

Spread the love

গুৱাহাটী,১০মাৰ্চঃ অসমৰ হ’ব এটা নিজা ছেটেলাইট।আজি অসম বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগে এই কথা উল্লেখ কৰিছে। অসমৰ এই নিজা ছেটেলাইটৰ নাম হ’ব ‘আছামছাট’ (ASSAMSAT)।
বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে জটিল আৰ্থ-সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে চৰকাৰে নিজা কৃত্ৰিম উপগ্ৰহ আছামছাট স্থাপন কৰিব বিচাৰিছে। এই ব্যৱস্থাই অসমৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গীত সেৱা যোগানত সহায় কৰিব।উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ (IN-SPACe) ৰ সহযোগত এই উপগ্ৰহ স্থাপন কৰি অসম চৰকাৰে মহাকাশলৈ খোজ দিব বিচাৰিছে। তাৰোপৰি অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত জড়িত কৰি কল্পনা শক্তিক উজ্জীৱিত কৰাৰ বাবেও ইনস্পেছ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ সহযোগত কাম কৰিব অসম চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *