মহাকুম্ভ মেলাৰ পৰাই ভাইৰেল গাৰ্ল হৈছিল মনালিছা !
পৰিয়ালৰ দুৰৱস্থাৰ বাবে স্কুল এৰিব লগা হোৱা মনালিছাৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ল মহাকুম্ভ মেলালৈ গৈ
এতিয়া ভুমুকি মাৰিব ছিলভাৰ স্ক্ৰীণত
মুম্বাই : মহাকুম্ভ মেলা ২০২৫ ত নিজৰ আকৰ্ষণীয় চকুযুৰিৰে সকলোকে মতলীয়া কৰি তোলা মনালিছা ভোছলে এতিয়া বাতৰিৰ শিৰোনামত আছে ৷ মহাকুম্ভত কাৰোবাৰ চকুত পৰি এদিনতে ভাইৰেল হৈ পৰে মনালিছা ৷ ইমানেই চাৰিওফালে মনালিছা মনালিছা হ’বলৈ ধৰিলে যে উপায়বিহীন হৈ পৰিয়ালৰ লোকে ঘৰলৈ পঠিয়াই দিয়ে তেওঁক ৷
পিছে ভাগ্যৰ লিখন নাযায় খণ্ডন। ভালে দিনে হাত বাউল দি মাতিছে মনালিছাক ৷ ভাইৰেল গাৰ্লক বিচাৰি ঘৰ ওলালগৈ চলচ্চিত্ৰ নিৰ্মাতা ৷ হয়, পৰিচালক সনোজ মিশ্ৰই তেওঁক লৈ নিৰ্মাণ কৰিবলৈ ওলাইছে এখন চিনেমা ৷ ‘‘দ্য ডায়েৰী অৱ মণিপুৰ’ শীৰ্ষক এই ছবিখনৰ বাবে চুক্তিবদ্ধ কৰিছে মনালিছাক, য’ত ৰাজকুমাৰ ৰাওৰ ডাঙৰ ভাতৃৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব মনালিছাই ।
উল্লেখ্য যে, পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে মনাই পঢ়াশুনা ত্যাগ কৰিছিল আৰু আগতে মালা বিক্ৰী কৰিছিল । ২০২৫ চনৰ মহাকুম্ভত ৰুদ্ৰাক্ষৰ গুটি বিক্ৰী কৰিছিল ভোছলেই ৷ মেলাতে কাৰোবাৰ চকুত পৰি ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰে যুৱতীগৰাকী ।
কোন এই ‘মনালিছা’ ?
২০০৯ চনৰ ২১ জানুৱাৰীত মধ্য প্ৰদেশৰ মহেশ্বৰৰ এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা ‘মনালিছা’ৰ বয়স বৰ্তমান ১৬ বছৰ । ‘মনালিছা’ৰ জন্ম এটা অতি সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালত হৈছিল, যাৰ বাবে ১২ বছৰ বয়সতে স্কুল এৰি পৰিয়ালৰ বিত্তীয় সহায়ৰ বাবে মালা বিক্ৰীৰ কাম কৰিছিল ।
আধাতে বাদ দিছিল পঢ়াশুনা
পঢ়াশুনা বাদ দি মনালিছাই তেওঁৰ পৰিয়ালৰ ব্যৱসায়ত সহায় কৰি আহিছে । তাৰ পৰিপ্ৰেক্ষিততে কুম্ভ মেলাত ৰুদ্ৰাক্ষৰ মণি বিক্ৰী কৰিবলৈ গৈছিল মনালিছা ভোছলে । সেই মেলাতে কাৰোবাৰ চকুত পৰে মনালিছা ৷ ফটো তুলি এৰি দিলে সামাজিক মাধ্যমত ৷ তাৰ মাত্ৰ কিছু সময়ৰ পাছতে ভাইৰেল হৈ পৰে মনালিছা ৷
ইণ্টাৰনেটত সকলোৱে ছাৰ্চ কৰিবলৈ ল’লে মহাকুম্ভৰ ভাইৰেল গাৰ্ল ৷ দৰাচলতে মনালিছা ভোছলেৰ চকুযুৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ বহুতে আনকি তেওঁক বলীউডৰ অভিনেত্ৰীসকলৰ সৈতেও তুলনা কৰিবলৈ আৰম্ভ কৰে । মনালিছাৰ গাঢ় বৰণ আৰু আকৰ্ষণীয় চকুৱে ছ’চিয়েল মিডিয়াত যথেষ্ট শিৰোনাম লাভ কৰিছে ।
তেওঁক লৈ চলি থকা আলোচনাৰ বাবে মানুহে মেলাত ‘মনালিছা’ক বিচাৰিৰ ভিৰ কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত এই জনপ্ৰিয়তা মনালিছাৰ বাবে হাৰাশাস্তি হৈ পৰে ৷ মানুহে ফটোৰ বাবে মনালিছাক টনাটনি কৰিবলৈ লয় ৷ উপয়ান্তৰ হৈ দেউতাকে মনালিছাক ঘৰলৈ পঠিয়াই দিয়ে।
বলীউডৰ পৰা আহিল অফাৰ
মহাকুম্ভৰ পৰা ভাইৰেল হোৱা এই গৰাকী কিশোৰী এতিয়া নিজৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ যাদুক ডাঙৰ পৰ্দাত বিয়পাই দিবলৈ সাজু হৈছে । গান্ধীগিৰি আৰু দ্য ডায়েৰী অৱ ৱেষ্ট বেংগলৰ দৰে ছবি নিৰ্মাণ কৰা পৰিচালক সনোজ মিশ্ৰই তেওঁৰ আগন্তুক ছবিৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে ।
হয়, সনোজে তেওঁৰ ছবি দ্য ডায়েৰী অৱ মণিপুৰৰ বাবে মনালিছাক চুক্তিবদ্ধ কৰিছে । ইয়াৰ বাবে মনালিছাইও পৰিয়ালৰ সন্মতি লাভ কৰিছে । এই ছবিখনত বিখ্যাত অভিনেতা ৰাজকুমাৰ ৰাওৰ জ্যেষ্ঠ ভাতৃ অমিত ৰাওৱে মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ।