...

ভাৰতীয় ৰেলৱেৰ আন এক যুগান্তকাৰী পদক্ষেপ

Spread the love
  • কাশ্মীৰৰ গণ্ডাৰবলক কাৰ্গিলৰ সৈতে কৰিব সংযোগ
  • ৰে’ল লাইনৰ প্ৰকল্পিত ব্যয়ৰ পৰিমাণ ১,৩১,০০০ কোটি টকা
  • বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) চূড়ান্ত

নতুন দিল্লীঃ কাশ্মীৰৰ গণ্ডাৰবলক কাৰ্গিলৰ সৈতে সংযোগ কৰাৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও প্ৰকল্প। বিশেষকৈ ৰে’লসেৱাৰ জৰিয়তে এই দুই স্পৰ্শকাতৰ অঞ্চলক সংযোগ কৰিবৰ বাবে বিলাসপুৰ-মানালী-লেহ লাইনৰ কাম হাতত লৈছে ৰে’ল বিভাগে। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ অন্তৰ্গত বিলাসপুৰ-মানালী-লেহ নিউ লাইনক প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৌশলগত লাইন (strategic line) হিচাপে চিনাক্ত কৰিছে। ইতিমধ্যে ৪৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ জৰীপ সম্পূৰ্ণ হৈছে, আৰু বিশদ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।বিলাসপুৰ-মনালী-লেহ ৰে’ল লাইনৰ প্ৰকল্পিত ব্যয়ৰ পৰিমাণ ১,৩১,০০০ কোটি টকা বুলি বুধবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত সদৰী কৰে।কাশ্মীৰৰ গণ্ডাৰবলক কাৰ্গিলৰ সৈতে সংযোগ কৰাৰ বাবে চৰকাৰে লোৱা পৰিকল্পনা সন্দৰ্ভত লোকসভাত সোধা প্ৰশ্নৰ লিখিত উত্তৰত বৈষ্ণৱে জনায় যে,বিলাসপুৰ-মানালী-লেহ লাইনৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) চূড়ান্ত কৰা হৈছে। বৈষ্ণৱে ৪৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পূৰ্বতে প্ৰস্তাৱিত শ্ৰীনগৰ-কাৰগিল-লেহ ৰে’ল প্ৰকল্পকৰ কথাও উল্লেখ কৰে। এই প্ৰকল্পৰ বাবে ২০১৬-১৭ চনত কৰা সমীক্ষাত ৫৫,৮৯৬ কোটি টকা ব্যয় হোৱাৰ আশা কৰা হৈছিল। কিন্তু যাতায়তৰ প্ৰক্ষেপণ কম হোৱাৰ বাবে প্ৰকল্পটো আগবঢ়াই নিব নোৱাৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *