...

বেলুচ বন্দীক মুক্তিৰ বাবে পাকিস্তানক ৪৮ ঘণ্টা সময়সীমা

Spread the love

১৫৫ যাত্রীক মুক্তি, ২৭ বিদ্রোহী-৩০ জোৱান নিহত

অপহৃত ৰে’লৰ ৫০ পণবন্দীক হত্যা বিদ্রোহীৰ

তিনিবাৰকৈ পাক সেনাৰ আকাশমার্গেৰে অভিযান

লামাবাদ,১৩মার্চঃ পাকিস্তানত বেলুচিস্তান লিবাৰেল আৰ্মীৰ ৰে’ল অপহৰণৰ ৰুদ্ধশ্বাস নাটক অব্যাহত আছে। কালি বেলুচ বিদ্রোহীয়ে পাহাৰীয়া অঞ্চল বাল’নত চাৰি শতাধিক যাত্রীক পণবন্দী কবি জাফৰ এক্সপ্ৰেছ অপহৰণ কৰাৰ পিছত বেলুচ বিদ্রোহীৰ পৰা পণবন্দীক মুকলি কৰিবলৈ পাকিস্তানী সেনাই অভিযান চলাই আছে।কালিৰে পৰা চলাই থকা অভিযানত নিৰাপত্তা বাহিনীৰ গুলীত ২৭ বেলুচ বিদ্রোহী নিহত হৈছে। ইপিনে বেলুচ বিদ্রোহীৰ আক্ৰমণত ৩০ পাক সেনাৰ প্ৰাণহানি হৈছে।তথ্য মতে, ৰে’লখনত পণবন্দী হৈ থকা ১৫৫জনক মুকলি কৰিবলৈ সক্ষম হৈছে। ইফালে ৫০ জন পণবন্দীক হত্যা কৰিছে বেলুচ বিদ্রোহীয়ে। আন এক তথ্য মতে, বেলুচ বিদ্ৰোহীয়ে ৰে’লখনৰ পৰা পণবন্দী কৰি ৰখা মহিলা আৰু শিশুক মুকলি কৰি দিছে। বিশ্বজুৰি’ ব্যাপক চর্চিত বেলুচ বিদ্রোহীৰ ৰে’ল অপহৰণক লৈ অস্বস্তিত পৰিছে পাকিস্তান। বেলুচিস্তানৰ স্বাধীনতাৰ লক্ষ্যৰে যুঁজি থকা বেলুচিস্তান লিবাৰেল আৰ্মীয়ে পণবন্দীৰ বিনিময়ত বন্দী হৈ থকা বেলুচ ৰাজনীতিকক মুকলি কৰি দিয়াৰ
৪৮ ঘণ্টা সময় বান্ধি দিছে। পাকিস্তান চৰকাৰে বেলুচ বিদ্রোহীৰ সকীয়নিক আওকাণ কৰি আকাশমাৰ্গেৰে অভিযান চলাই আছে যদিও বিশেষ সফলতা লাভ কৰা নাই। তিনিবাৰকৈ পাক সেনাই আকাশমার্গেৰে অভিযান চলাই পণবন্দীক মুকলি কৰিবলৈ বেলুচ বিদ্রোহীৰ ওপৰত আক্ৰমণ চলাইছে যদিও ই সফল হোৱা নাই। তথ্য মতে, ৰে’লত পণবন্দী হৈ থকা যাত্রী আৰু সেনাৰ মাজত বেলুচৰ আত্মঘাতী বোমাৰু আছে। বেলুচ বিদ্রোহীয়ে পাক সেনাই অভিযান চলালে পণবন্দীক হত্যা কৰাৰ ভাবুকি দিছে।উল্লেখ্য যে পাহাৰীয়া অঞ্চল আৰু কেইবাটাও সুৰংগ থকাৰ বাবেই বেলুচ বিদ্রোহীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণৰ সুবিধা পাইছে।বেলুচিস্তান প্রদেশৰ কুৱেটাৰ পৰা খাইবাৰ পাখতুনখৱাৰ পেছাবৰলৈ গৈ
থকা জাফৰ এক্সপ্ৰেছৰ কালি বেলুচ বিদ্রোহীয়ে ৰে’লপথ উৰুওৱাৰ লগতে চালকক গুলীয়াই হত্যা কৰি নিজৰ নিয়ন্ত্রণলৈ আনে। ৯টা দবা থকা ৰে’লখনত চাৰি শতাধিক যাত্রী আছিল। এই আটাইবোৰ যাত্ৰীক বেলুচ বিদ্রোহীয়ে পণবন্দী কৰি ৰাখে।বেলুচ বিদ্রোহীৰ আক্ৰমণত ৰে’লখনত নিৰাপত্তাৰ দায়িত্বত থকা ১০ পাক সেনাক গুলীয়াই হত্যা কৰা হৈছিল। একাংশ সংবাদ মাধ্যমৰ মতে, বেলুচ বিদ্রোহীয়ে পণবন্দী কৰি ৰখা যাত্রীৰ ভিতৰত শতাধিক পাক সেনাও আছে। আনহাতে আজি বেলুচ বিদ্রোহীয়ে জাফৰ এক্সপ্রেছ কিদৰে নিজৰ নিয়ন্ত্রণলৈ আনি যাত্রীসকলক পণবন্দী কৰি বাখিছে তাৰ এক ভিডিঅ’ ফুটেজ প্ৰচাৰ কৰিছে। ড্রোনৰ দ্বাৰা সংগ্ৰহ কৰা এই ভিডিঅ’ ফুটেজত ৰে’লপথ উৰুৱাই বেলুচ বিদ্রোহীয়ে ৰে’লখন অপহৰণ কৰাৰ দৃশ্য স্পষ্ট হৈ আছে। তদুপৰি ৰে’লখনৰ আশে-পাশে অনেক সশস্ত্র বেলুচ বিদ্রোহী প্রত্যক্ষ কৰা হৈছে। বিশ্বৰ সন্ত্রাসবাদৰ ইতিহাসত পাকিস্তানত ৰে’ল অপহৰণ কৰি বেলুচ বিদ্রোহীয়ে নিজৰ শক্তি প্রমাণিত কৰিছে বুলিও চর্চিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *