...

বিজেপিত যোগদান অগপৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন বিত্ত সম্পাদক

Spread the love

বিজেপিত যোগদান অগপৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন বিত্ত সম্পাদক

ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন উপ-সভাপতি অমিতাভ আচাৰ্য্যৰ যোগদান

চাইন অন ডেস্ক:

আঞ্চলিকতাবাদ এৰি আনুষ্ঠানিক ভাবে গেৰুৱা বসন পিন্ধিলে অসম গণ পৰিষদ দলৰ ধুবুৰী জিলা সমিতিৰ প্ৰাক্তন বিত্ত সম্পাদক তথা ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন উপ-সভাপতি অমিতাভ আচাৰ্য্যই। জানিব পৰা মতে, বিগত ২ মাৰ্চৰ দিনা ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হোৱা এখন বিশেষ দলীয় সভাত ধুবুৰী জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ভুপেন্দ্র গুপ্তা আৰু বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ উপস্থিতিত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে আচাৰ্য্যই। উল্লেখ্য যে, বিগত বৰ্ষৰ ২৩ ডিচেম্বৰৰ দিনা অগপৰ দলীয় পদকে ধৰি দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছিল তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *