...

বন্ধ হ’ব নেকি বিধায়ক পুঁজি?

Spread the love

বিধায়ক পুঁজি নোহোৱা কৰিব লাগেঃমুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত দিয়া ধন্যবাদসূচক ভাষণৰ সময়ত বিধায়ক পুঁজি নোহোৱা কৰিব লাগে বুলি মন্তব্য কৰে

গুৱাহাটী,১২মাৰ্চঃ বন্ধ হ’ব নেকি বিধায়ক পুঁজি ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক পুঁজি বন্ধ কৰাক লৈয়েই যেন ইংগিত দিছে।ইয়াকে লৈ বিধানসভাত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি ‌হয়।সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত দিয়া ধন্যবাদসূচকক ভাষণৰ মাজতে কয়- বিধায়ক পুঁজি নোহোৱা কৰিব লাগে । ইয়াকে লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ মন্তব্যত বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তাৰ মাজতে এই সন্দৰ্ভত বিৰোধী বিধায়ক অখিল গগৈয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
উল্লেখ্য যে, সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত বাজেট দাখিল কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত দিয়া ধন্যবাদসূচকক ভাষণ আৰম্ভ কৰাৰ সময়ত বিধায়ক অখিল গগৈয়ে আৰু বিধায়ক দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ ভাষণক সমালোচনা কৰে।বিধানসভাৰ অধ্যক্ষৰ বাধা আৰোপৰ পিছতো বিধায়ক অখিল গগৈয়ে আৰু বিধায়ক দেবব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ ভাষণক সমালোচনা কৰি বিধায়ক পুঁজি সন্দৰ্ভত প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীক উভতি ধৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বিধায়ক পুঁজিৰ সন্দৰ্ভত কয়, “বিধায়ক পুঁজি নোহোৱা কৰিব লাগে । বিধায়কে কিয় পুঁজি ব্যৱহাৰ কৰিব লাগে।বিধায়কে কাৰ্যপালিকাৰ কামহে কৰিব লাগে।ইয়াকে লৈ বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াই কয়, “বিধায়ক পুঁজি বন্ধ কৰিব বিচাৰে যদি বন্ধ কৰি দিয়ক । কিন্তু সুশাসন আৰু ‌সমশাসন হ’ব লাগে। নলবাৰীত বি জে পিৰ মিটিঙত নাহিলে অৰুণোদয় আঁচনি কাটি দিম বুলি মহিলাসকলক ভয়‌-ভাবুকি দিব নালাগে।তেওঁ কয় যে একমাত্ৰ ভোটলাভৰ বাবে হিতাধিকাৰী সৃষ্টি কৰিব নালাগে । সম উন্নয়ন‌ হ’ব । বিধায়ক অখিল গগৈয়ে এই কথা সমৰ্থন কৰি বিতৰ্কত অংশ লয় ।উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত মুকলিকৈ বিধায়কৰ পুঁজি নোহোৱা কৰাৰ গুৰুত্বপূৰ্ণ মন্তব্যৰ কিন্তু বিধানসভাত উপস্থিত থকা আন বিধায়কসকলে কোনো প্ৰতিবাদ কৰা দেখা নগ’ল ।

Leave a Reply

Your email address will not be published. Required fields are marked *