...

পুৰুষৰ ঋতুস্ৰাৱ?কেনেকৈ সম্ভৱ?

Spread the love

মহিলাৰ দৰে পুৰুষৰো ঋতুস্ৰাৱ হয় নেকি?

কিন্তু এই সময়ছোৱাত পুৰুষৰ ৰক্তক্ষৰণ নহয়!

কি কয় বিশেষজ্ঞই ?জানো আহক ?

চাইন অন ডেক্স,১১মাৰ্চঃ
ঋতুস্ৰাৱ হৈছে এনে এক পৰ্যায় য’ত এগৰাকী মহিলাৰ সাধাৰণতে ৫ ৰ পৰা ৬ দিন ৰক্তক্ষৰণ হয় ৷ এনে সময়ত মহিলাগৰাকী শাৰীৰিক তথা মানসিকভাৱে খুবেই কষ্টত ভুগে কেতিয়াবা অতিপাত বিষৰ ফলত মগজুত মানসিক চাপ বৃদ্ধি হয়।কিন্তু যদি আমি আপোনালোকক কও যে পুৰষৰো ঋতুস্ৰাৱ হয় তেন্তে আপুনি কি ক’ব ? শুনি আচৰিত লাগিলেও এয়া সত্য শেহতীয়াকৈ বহু গৱেষণাত এইটো প্ৰমাণিত হৈছে যে মহিলাৰ দৰে পুৰুষৰো ঋতুস্ৰাৱ হয় ৷তেন্তে আহক পলম নকৰি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক মহিলাৰ দৰে পুৰুষৰো ঋতুস্ৰাৱ হয় নেকি ? এই বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে ? পুৰুষেও মহিলাৰ দৰে হৰম’নৰ পৰিৱৰ্তন অনুভৱ কৰে নেকি ? উত্তৰটো হ’ল হয়।পুৰুষৰো ঋতুস্ৰাৱ হয়, যাক চিকিৎসাৰ ক্ষেত্ৰত ইৰিটেবল মেল চিণ্ড্ৰম (IMS) বুলি কোৱা হয় ৷ এইটো মহিলাৰ মাহেকীয়াৰ দৰেই যদিও এই অৱস্থাত পুৰুষৰ ৰক্তক্ষৰণ নহয়। বিশেষজ্ঞসকলৰ মতে, এই ঋতুস্ৰাৱৰ সময়ত টেষ্টষ্টেৰন হৰম’নৰ পৰিৱৰ্তনৰ বাবে পুৰুষেও মহিলাৰ দৰে খিংখিঙীয়া, ক্লান্তি আৰু মেজাজৰ পৰিৱৰ্তন আদি সমস্যাৰ সন্মুখীন হয় ৷ প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ জেন ডাইমণ্ডৰ মতে, এই পৰিৱৰ্তনক ইৰিটেবল মেইল চিণ্ড্ৰম বা পুৰুষৰ পিৰিয়ড বুলি কোৱা হয়। পুৰুষৰ ক্ষেত্ৰত খিংখিঙীয়া পুৰুষৰ চিনড্ৰম কি আৰু ইয়াৰ লক্ষণ কি কি জানো আহক-বিশেষজ্ঞসকলৰ মতে, পুৰুষৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত টেষ্টষ্টেৰন হৰম’নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।শৰীৰৰ অংগ আৰু প্ৰণালীৰ সঠিক কাম-কাজৰ বাবে এই হৰম’ন অপৰিহাৰ্য। কিন্তু কোৱা হয় যে কিছু কাৰণত টেষ্টষ্টেৰন হৰম’নৰ উঠা-নমা হয়।যাৰ বাবে শৰীৰত বহু পৰিৱৰ্তন ঘটে।ইয়াক ইৰিটেবল বাৱেল চিনড্ৰম বোলা হয়।এই চিনড্ৰমৰ লক্ষণসমূহ মহিলাৰ ঋতুচক্ৰৰ দৰেই বুলি কোৱা হয় ৷ কিন্তু এই সময়ছোৱাত পুৰুষৰ মহিলাৰ দৰে ৰক্তক্ষৰণ নহয় ৷ কিন্তু আন অভিজ্ঞতাবোৰো একেধৰণৰ।কিন্তু এই চিনড্ৰমৰ প্ৰভাৱ ২৪ ঘণ্টাহে থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *