নতুন দিল্লী :
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি কয় যে যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ’ব সন্ত্ৰাসবাদ আৰু পাকিস্তান দখল কৰা কাশ্মীৰ (PoK)ৰ ওপৰত ।
অপাৰেশ্যন সেন্দূৰ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাকিস্তানী সেনা আৰু চৰকাৰে যিদৰে সন্ত্ৰাসবাদক প্ৰচাৰ কৰিছে, এদিন পাকিস্তানে নিজকে ধ্বংস কৰিব । তেওঁ কয়, “পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ভাঙি পেলাব লাগিব । শান্তিৰ আন কোনো উপায় নাই । ভাৰতৰ মতামত অতি স্পষ্ট, সন্ত্ৰাস আৰু আলোচনা একেলগে যাব নোৱাৰে, সন্ত্ৰাস আৰু বাণিজ্য একেলগে যাব নোৱাৰে । আৰু পানী আৰু তেজো একেলগে বৈ যাব নোৱাৰে ।”
সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মুৰব্বীসকলক বেলেগ ধৰণে ব্যৱহাৰ কৰা নহ’ব বুলিও তেওঁ কয় । প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেশ্যন সেন্দূৰৰ সময়ত বিশ্বই পুনৰবাৰ পাকিস্তানৰ কুৎসিত সত্য দেখিলে, যেতিয়া পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াসকলে নিহত সন্ত্ৰাসবাদীক বিদায় দিবলৈ ভিৰ কৰিছিল । এয়া ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ এক ডাঙৰ প্ৰমাণ । আমি ভাৰত আৰু আমাৰ নাগৰিকসকলক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰাৰ বাবে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম ।”
অপাৰেশ্যন সেন্দূৰে পাকিস্তানক মূললৈকে জোকাৰি গৈছে আৰু পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিছে । “পাকিস্তানে বিশ্ববাসীক উত্তেজনা হ্ৰাস কৰিবলৈ অনুৰোধ কৰিছিল । আৰু বিষমভাৱে মুখ থেকেচা খোৱাৰ পিছত ১০ মে’ৰ বিয়লি পাকিস্তান সেনাই আমাৰ ডিজিএমঅ’ৰ কাষ চাপিছিল । তেতিয়ালৈকে আমি সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰিছিলোঁ, সন্ত্ৰাসবাদীক হত্যা কৰা হৈছিল, আমি পাকিস্তানৰ হৃদয়ত স্থাপন কৰা সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসস্তূপত পৰিণত কৰিছিলোঁ । গতিকে, যেতিয়া পাকিস্তানে আবেদন জনাইছিল, যেতিয়া পাকিস্তানে কৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সামৰিক দুঃসাহসিকতা নাথাকিব, তেতিয়া ভাৰতে ইয়াক বিবেচনা কৰিছিল ।” তেওঁ কয় যে পাকিস্তানত সন্ত্ৰাসবাদী আৰু সামৰিক সংস্থাপনৰ বিৰুদ্ধে ভাৰতে প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছে ।
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দৰ্শনীয় সফলতাৰ পিছত আৱেগিক আৰু তীক্ষ্ম ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত দিনত পাকিস্তানে কি মনোভাৱ গ্ৰহণ কৰে তাৰ ভিত্তিত আমি পাকিস্তানৰ প্ৰতিটো পদক্ষেপ জুখিম । তেওঁ কয় যে ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে । পাহালগাম আক্ৰমণৰ পিছত পাকিস্তানে বাৰে বাৰে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীয়ে কয় যে পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণত সমৃদ্ধিশালী সন্ত্ৰাসবাদী ঘাটিৰ বিৰুদ্ধে ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিব ৷
প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতে প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছে । “আৰু এইবাৰ অপাৰেশ্যন সেন্দূৰে এক নতুন মাত্ৰা সংযোজন কৰিছে । আমি মৰুভূমি আৰু পাহাৰত আমাৰ সামৰ্থ উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো, লগতে নতুন যুগৰ যুদ্ধতো আমাৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো । এই অভিযানৰ সময়তে আমাৰ ভাৰতত নিৰ্মিত অস্ত্ৰৰ প্ৰামাণ্যতা প্ৰমাণিত হ’ল । আজি বিশ্বই দেখিছে যে একবিংশ শতিকাৰ যুদ্ধত ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে ।