...

ডিব্ৰুগড়ত এছটিএফে জব্দ কৰিলে ১১টা বিৰল টোকাই কেকো সাপ

Spread the love

বন্যপ্ৰাণী আইনৰ অধীনত তিনিজনক গ্ৰেপ্তাৰ

 

চাইন অন ডেক্সঃ
বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ অভিযানত গুৱাহাটীৰ বিশেষ টাস্ক ফৰ্চৰ এটা দলে ডিব্ৰুগড়ৰ লাহোৱালৰ পথৰ কাষৰ চান ফিষ্ট ইন নামৰ এখন ধাবাৰ পৰা ১১টা বিৰল টোকাই গেকো (স্থানীয়ভাৱে কেকো সাপ নামেৰে পৰিচিত) জব্দ কৰে।এই অভিযানত সংৰক্ষিত প্ৰজাতিটো(কেকো সাপ) বিক্ৰী কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।
এক গোপন সূত্ৰৰ ভিত্তিত ডিএছপি সত্যেন্দ্ৰ সিং হাজৰীৰ নেতৃত্বত এছটিএফৰ দলটোৱে লাহোৱালৰ ছান ফিষ্ট ইনত অভিযান চলাই সন্দেহযুক্ত লোককেইজনক আটক কৰে।উক্ত লোককেইজন কাকোপথাৰ (তিনচুকীয়া)ৰ দেৱাশীষ দহোতিয়া আৰু মানশ দহোতিয়া আৰু চাবুৱা (ডিব্ৰুগড়)ৰ দিপাংকৰ ঘৰফ’লিয়া বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি ত্ৰিপুৰাৰ এজন গ্ৰাহকে উক্ত কেকো সাপ ক্ৰয়ৰ বাবে যোজা কৰি থকাৰ সময়তে এছটিএফৰ দলটোৱে গ্ৰেপ্তাৰ কৰে।আনহাতেদি গেকো(কেকো) কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা AS-23-5506 নম্বৰৰ এখন গাড়ী আৰু AS-06-AF-0276 নম্বৰৰ এখন মটৰ চাইকেলও জব্দ কৰা হৈছে।
ডি এছ পিয়ে প্ৰকাশ কৰে যে এছ টি এফৰ আই জি পি পাৰ্থ সাৰথি মহন্তই আগতীয়াকৈ টোকাই গেকো(কেকো) ব্যৱসায়ৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হয়।
ডিএছপি সত্যেন্দ্ৰ সিং হাজাৰীয়ে কয়, “আমি প্ৰথমে আই জি পি পাৰ্থ সাৰথি মহন্তৰ পৰা টোকাই গেকোৰ সৈতে জড়িত ব্যক্তিৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰিছিলো আৰু ৪-৫ দিনৰ চোৰাংচোৱাৰ তথ্যৰ অন্তত আমি নিশ্চিত কৰিলোঁ যে এই চোৰাং ব্যৱসায় কাৰ্য ডিব্ৰুগড়ত সমাপন হ’ব।সেয়ে আমাৰ দলটো আহি ডিব্ৰুগড়ত উপস্থিত হৈ গোপন সূত্ৰৰ পৰা নিশ্চিত তথ্য লাভ কৰিলোঁ যে এই চোৰাং বিক্ৰী ডিব্ৰুগড়ৰ ঘাইপথৰ কাষৰ কোনো খাদ্যৰ দোকানত হ’ব।অৱশেষত আমি তেওঁলোকক খাদ্যৰ দোকানত হাতে-লোটে ধৰিলোঁ।”
হাজৰীৰ মতে, সংৰক্ষিত সৰীসৃপ(কেকো সাপ) অৰুণাচলৰ পৰা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।ধৃত ব্যক্তিকেইজনৰ বিৰুদ্ধে বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু দোষী সাব্যস্ত হ’লে কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।এই গোচৰটো উত্তৰ-পূবত চলি থকা বৃহৎ বন্যপ্ৰাণী সৰবৰাহৰ নেটৱৰ্কৰ সৈতে জড়িত নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।কেকো সাপ বা টোকাই গেকো (Gekko gecko) ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ চতুৰ্থ অনুসূচীৰ অধীনত সংৰক্ষিত প্ৰজাতি, যাৰ ফলত ইয়াৰ চোৰাং চিকাৰ আৰু ব্যৱসায় অবৈধ।

Leave a Reply

Your email address will not be published. Required fields are marked *