বেজবৰুৱাৰ স্মৃতিদিৱস উদ্যাপন
চাইন অন ডেক্সঃ
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ সহযোগত বেজবৰুৱাৰ স্মৃতিদিৱস আজি উদযাপিত হৈ যায়। অসমীয়া বিভাগৰ বিভাগীয় প্রধান তথা মানৱিকী আৰু আইন অনুষদৰ গুৰু প্ৰাধ্যাপক জয়ন্ত কুমাৰ বৰা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্রাধ্যাপক নীবাজনা মহন্ত বেজবৰাই লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিচ্ছবিৰ সম্মুখত বস্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি তর্পণেৰে সূচনা কৰা অনুষ্ঠানটিত নতুন প্রজন্মৰ চিন্তা আৰু পৰিচালনাত ‘নর প্রজন্মৰ বাবে বেজবৰুৱা অধ্যয়ন আৰু সংগ্রহণ’ শীর্ষকৰ এখনি বিশেষজ্ঞ আলোচনা (Panel discussion) অনুষ্ঠিত হয়। গবেষক শচীন শর্মাই পৰিনিয়ামক (moderator)ব ভূমিকাৰে পৰিচালনা কৰা বিশেষজ্ঞ আলোচনাটিত অসমীয়া বিভাগৰ গৱেষক সমাজৰ কেইবাজনো গবেষকে ভিন ভিন বিষয় উপস্থাপন করে। সেই অনুসৰি বিপু কছাৰীয়ে ‘লক্ষ্মীনাথ বেজবৰুৱা আৰু সমসাময়িক বৌদ্ধিক সমাজ’, সংঘমিত্রা লাহনে ‘লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত ভাষা মনোভংগী’, বনিশা শইকীয়াই ‘লক্ষ্মীনাথ বেজবৰুৱাৰ চিন্তাত প্রতিফলিত প্রেৰণাদায়ক প্রসংগ’, চন্দ্রমা গগৈয়ে ‘লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী: নৱপ্ৰজন্মৰ প্রসংগ’, বাজেন দাসে ‘লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত আন্তঃৰাষ্ট্ৰীয় প্রসংগ’ আৰু মণিষ্য গগৈ আৰু কচিকা চেতিয়াই যৌথভাবে ‘বেজবৰুৱাৰ চিন্তাত যুৱপ্রজন্ম: সাম্প্রতিক প্রাসংগিকতা’ সম্পর্কে বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত বিশেষজ্ঞ আলোচনা অংশ হিচাপে পৰ্য্যায়ক্রমে পৰিনিয়ামকৰ লগত আলোচনা আৰু উপস্থিত শ্রোতা-দর্শকৰ লগত মননশীল আলোচনাৰ অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত থকা অসমীয়া বিভাগৰ বিভাগীয় প্রধান তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মানবিকী আৰু আইন অনুষদৰ গুৰু প্রাধ্যাপক জয়ন্ত কুমাৰ বৰাই আলোচনাৰ আঁত ধৰি বেজবৰুৱাৰ বৌদ্ধিক পটভূমি আৰু ‘জয়মতী কুঁৱৰী’ নাটক সম্পর্কীয় বিভিন্ন গুরুত্বপূর্ণ প্রসংগলৈ দৃষ্টি আকর্ষণ কৰে। এই আলোচনা অনুষ্ঠানত বিভাগ আৰু কেন্দ্ৰৰ ছাত্র-ছাত্রীৰ লগতে শিক্ষকসকলেও অংশগ্রহণ কৰে। বেজবৰুৱা আসনৰ প্রাধ্যাপক নীবাজনা মহন্ত বেজবৰাই সামৰণীসূচক মন্তব্যত বেজবৰুৱাৰ প্ৰগতিমুখী চেতনাবে অনুপ্রাণিত হৈ উপস্থিত গবেষক তথা সমন্বিত পাঠ্যক্রম আৰু স্নাতকোত্তৰ শ্রেণীৰ ছাত্র-ছাত্রীসকলক বেজবৰুৱা অধ্যয়ন আৰু মন্থনৰ বাবে আহ্বান জনায়। অসমীয়া বিভাগৰ গৱেষক চিলমিল সপোন হাজৰীকাই আঁত ধৰা অনুষ্ঠানটিত বিভাগীয় প্রাধ্যাপক-প্রাধ্যাপিকাসকলৰ লগতে বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।