...

টেক্সাছ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সহায়ৰ বাবে প্রশংসনীয় পদক্ষেপ

Spread the love

মার্ক জুকাৰবাৰ্গৰ পুৰণি হুডী ১৩.১০ লাখ টকাত নিলাম

চা’ইন অ’ন ডেক্স,৪মার্চঃ পূৰ্বৰ ফেচবুক বৰ্তমান মেটাৰ চিইঅ’ মার্ক জুকাৰবাৰ্গৰ সমাজ সেৱাই শেহতীয়াভাৱে ব্যাপক চৰ্চাৰ মাজলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ বিদ্যালয়ৰ শিক্ষার্থীক সহায়ৰ বাবে মেটাৰ চিইঅ জুকাৰবাৰ্গে তেওঁৰ পুৰণি হুডী নিলাম কৰিছে। তথ্য মতে জুকাৰবাৰ্গৰ নিলাম হোৱা পুৰণি হুডীটো ১৫,৮৭৫ মার্কিন ডলাৰ (ভাৰতীয় হিচাপত ১৩.১০ লাখ টকা)ত বিক্রী হৈছে। বিজনেছ ইনছাইডৰ তথ্য মতে, বিক্ৰী হোৱা হুডীটোত মার্ক জুকাৰবাৰ্গৰ হাতেৰে লিখা টোকাও আছে। জুকাৰবাৰ্গৰ সৰ্বকালৰ প্ৰিয় হিচাপে বর্ণনা কৰা পুৰণি হুডীটো সন্দৰ্ভত মেটাৰ চিইঅ’গৰাকীয়ে কয়- প্ৰাৰম্ভিক সময়ছোৱাত মই এইটো সকলো সময়তে পৰিধান কৰিছিলোঁ। আনকি এই হুডীটোৰ ভিতৰত আমাৰ প্ৰকৃত মিছনৰ শ্ল’গানো অংকিত হৈ আছে। হুডীটোত তেওঁৰ ব্যক্তিগত স্পৰ্শৰ আৱেগিক সময় জড়িত হৈ আছে। গতিকে, এই হুডীটো ক্ৰয় কৰাজনে তেওঁৰ আৱেগক বুজি পাইছে। উল্লেখ্য যে জুলিয়ান অক্সনৰ দ্বাৰা ‘স্পটলাইট: হিষ্ট’ৰী এণ্ড টেকন’লজী’ ছিৰিজৰ অংশ হিচাপে যোৱা বৃহস্পতিবাৰে জুকাৰবাৰ্গৰ পুৰণি হুডীটো নিলাম কৰা হয়। প্রথমতে এই হুড়ীটোৰ নিলামৰ মূল্য ১,০০০ৰ পৰা ২,০০০ মার্কিন ডলাৰ কৰা হৈছিল যদিও নিলাম আৰম্ভ হোৱাৰ লগে লগে এই হুডীটোৰ মূল্য দ্রুতগতিত বাঢ়িবলৈ ধৰে। ২২বাৰৰ অন্তত এই হুড়ীটো ১৫,৮৭৫ মার্কিন ডলাৰত বিক্ৰী হয়। মন কৰিবলগীয়া যে ২০১০-চনত জুকাৰবার্গে এই হুডীটো টাইমছ বর্ষশ্রেষ্ঠ সন্মান লাভ কৰাৰ সময়ত পৰিধান কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *