মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চাহ বাগিচাৰ ভূমি ৰক্ষা কৰিবলৈ দাবী জনালে আটছাই
চাইন অন ডেক্স,২৭মাৰ্চঃ
দুশ বছৰীয়া চাহ উদ্যোগত যেন এতিয়া মাটি মাফিয়াৰ দপদপনি।হাবি-জংঘল কাটি,কপালৰ ঘাম মাটিত পেলাই দুশ বছৰ পূৰ্বে চাহ শ্ৰমিকে প্ৰতিষ্ঠা কৰা একাংশ বাগিচাত বৰ্তমান বণিয়া গোষ্ঠীৰ লোলুপ দৃষ্টি।আনকি অসম চৰকাৰৰ The Assam Fixation of celling land Holding act-1956 ভূমি আইনখনকো ভেঙুচালি এৰা নাই একাংশ বাগিচাৰ মালিকে।শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ ঘোগ্ৰাজান,হাতীগড়,সূৰুজ-সৌৰভ চাহ বাগিচাৰ লগতে বালমোহন আগৰৱালা মালিকনাধীন বিজলিবাৰী চাহ বাগিচা আৰু ৰাজু টুডী মালিকনাধীন ত্ৰিবেণী চাহ বাগিচাত মালিকপক্ষই হাজাৰ হাজাৰ চাহগছ উভালি বাগিচাৰ ভূমি খণ্ড খণ্ড কৈ গোপনে বিক্ৰী কৰাৰ বিৰুদ্ধে সৰৱ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্হা চুমুকৈ আটছা।২২মাৰ্চত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক লখিন্দৰ কুৰ্মিয়ে চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ অস্তিত্ব জীয়াই ৰক্ষাৰ স্বাৰ্থত বিজলিবাৰী আৰু ত্ৰিবেণী চাহ বাগিচাৰ অবৈধ ভূমি বিক্ৰী বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰে।স্মাৰকপত্ৰখনত আটছা ডিব্ৰুগড় জিলা সমিতিয়ে বিজলিবাৰী আৰু ত্ৰিবেণী চাহ বাগিচাৰ চাহগছ উভালি মালিকপক্ষই মাটি দালালক গোপনে বিক্ৰী কৰি দিয়া ভূমিসমুহ ৰক্ষা কৰি পুনৰ চাহপুলি ৰূপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিজলিবাৰী আৰু ত্ৰিবেণী চাহ বাগিচাৰ অবৈধ ভূমি বিক্ৰী বন্ধ কৰাৰ প্ৰসংগটো লৈ বহুবাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়াক আটছাই দাবী জনাই অহাৰ পিছতো ভূমিবিক্ৰী বন্ধ কৰাটো দূৰৰে কথা চাহ শ্ৰমিকসকলক কিঞ্চিত পৰিমানো সন্মান জনোৱাৰ স্বাৰ্থত এখন আলোচনাও অনুষ্ঠিত কৰিবলৈ সাহস নহল বুলি আটছা নেতৃত্বই উল্লেখ কৰে।উল্লেখ যে বিজলিবাৰী চাহ বাগিচা আৰু ত্ৰিবেণী চাহ বাগিচাৰ ভূমি কেলেংকাৰি তথা অবৈধ ভূমি বিক্ৰী বন্ধ সৰ্ম্পকে আটছা ডিব্ৰুগড় জিলা সমিতিয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে।এতিয়া লক্ষণীয় হব চাহ শ্ৰমিকৰ অধিকাৰ প্ৰদত্ত চাহ বাগিচাৰ ভূমিসমুহ অবৈধ বিক্ৰী হোৱাৰ পৰা জিলা আয়ুক্তই ৰক্ষা কৰিব পাৰিবনে?অপেক্ষা কেৱল সময়ৰ!