ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্ৰ অনন্ত আম্বানিৰ সপোনৰ প্ৰকল্প পৰিদৰ্শন মোদীৰ সিংহৰ পোৱালিক কোলাত লৈ খুৱালে খাদ্যঃ৩ হাজাৰ একৰ ভূমিত সজাই তোলা হৈছে বনতাৰা
বনতাৰাত আছে ২,০০০তকৈও অধিক প্ৰজাতিৰ প্ৰাণী ১.৫ লাখ উদ্ধাৰ কৰা বিলুপ্তপ্রায় জন্তু
চাইন অ’ন ডেস্ক,৫মার্চ: দেশজুৰি বহুল চর্চিত বনতাৰা মুকলি কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। গৃহৰাজ্য গুজৰাটৰ জামনগৰত ৰিলায়েঞ্চ জামনগৰ শোধনাগাৰ চৌহদত গঢ়ি তোলা প্রাণী উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰ বনতাৰা মুকলি কৰাৰ লগতে পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানিৰ পৰিয়ালৰ বহুচৰ্চিত এই বন্যপ্রাণী কেন্দ্ৰ বনতাৰা মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে বন্যপ্রাণীৰ সৈতে আবেগিক মূহূর্ত কটায়। বনতাৰাত উপলব্ধ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে পুনৰ সংস্থাপন কৰা কেইবাটাও প্ৰাণীৰ সৈতে সময় কটায় প্রধানমন্ত্রী মোদীয়ে। বনতাৰাৰ বন্যপ্রাণী চিকিৎসালয় আৰু পশু চিকিৎসালয়ৰ সুবিধাসমূহ নিৰীক্ষণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্রটোত থকা এছিয়াটিক সিংহ, বগা সিংহ আৰু কেইবাটাও বাঘৰ পোৱালিৰ সৈতে সময় কটায়। প্রধানমন্ত্রী মোদীয়ে বগা সিংহৰ পোৱালি এটাক গাখীৰো খুৱায়। হাবিত মাইকী সিংহক উদ্ধাৰ কৰি বনতাৰাত পুনৰ সংস্থাপন কৰাৰ পাছত মাইকী সিংহটোৱে পোৱালি জন্ম দিছিল। সেই পোৱালিটোকেই আজি প্রধানমন্ত্রীয়ে কোলাত লৈ গাখীৰ খুৱায়। প্রধানমন্ত্রী মোদীয়ে বনতাৰা মুকলি কৰাৰ সময়ত ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানি, তেওঁৰ পত্নী নীতা আম্বানি, পুত্র অনন্ত আম্বানি আৰু বোৱাৰী ৰাধিকা মার্চেন্ট উপস্থিত থাকে। বনতাৰাৰ চিকিৎসালয়ত থকা এমআৰআই কক্ষও প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে। তিনি হাজাৰ একৰ ভূমিত সজোৱা বনতাৰাত কেইবাপ্ৰজাতিৰ প্ৰাণী প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুমুখীয়া বৃহৎ পাইথানৰ(অজগৰ) লগতে দুমুখীয়া কাছ প্রত্যক্ষ কৰি অভিভূত হৈ পৰে। এই বনতাৰাত হাতীৰ পৰা বিভিন্ন প্ৰজাতিৰ বন্যপ্রাণী আছে। তথ্য মতে, দুহাজাৰতকৈ অধিক প্রজাতিৰ বন্যপ্ৰাণীৰ লগতে ১.৫ লাখ উদ্ধাৰকৃত প্রাণী বনতাৰাত আছে। বনতাৰাত থকা প্ৰাণীসমূহৰ কিছুসংখ্যক বিৰল প্ৰজাতিৰ লগতে কিছুসংখ্যক বিলুপ্তপ্রায়। পশু বিশেষজ্ঞৰ লগতে এই বনতাৰাত ২১শতকৈ অধিক কৰ্মচাৰী আছে। প্রাণীসমূহৰ শুশ্রূষা আৰু চিকিৎসাৰ বাবে অত্যাধুনিক ব্যৱস্থা আছে এই বনতাৰাত।