দীৰ্ঘদিনে চৰম হতাশাত ভুগি আছিল পৰিয়ালটো!
হায়দৰাবাদ,১২মার্চঃঋণে যিদৰে সকাহ দিয়ে,ঠিক তেনেদৰেই কেতিয়াবা ই বৰ বিহ হৈ পৰে।সপোনৰ ঘৰখন থানবান হৈ পৰে,নিচিহ্ন হৈ পৰে জীৱনবোৰ।সেয়ে কেতিয়াবা আত্মহত্যাৰ দৰে চৰম পন্থাৰ বাদে অন্য কোনো উপায় নাথাকে।সেয়ে এই পথ বাছি ল’লে হায়দৰাবাদৰ এটা পৰিয়ালে।একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে প্রতিবেশীসকল। মৃত সদস্যসকল হৈছে চন্দ্ৰশেখৰ ৰেষ্ট্ৰী (৪৪), তেওঁৰ পত্নী কবিতা (৩৫) আৰু দুই সন্তান, যাৰ বয়স ক্রমে ১৩ আৰু ১০ বছৰ। ঘৰৰ ভিতৰত মেজৰ – ওপৰত এখন চিঠি লিখি থৈ গৈছে চন্দ্রশেখৰে। এখন বেচৰকাৰী কলেজত শিক্ষকতা কৰিছিল চন্দ্রশেখৰে। কিন্তু ২০২৩ চনত চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হয় চন্দ্ৰশেখৰক।গোটেই পৰিয়ালটো ভয়াৱহ আর্থিক অনাটনৰ সন্মুখীন হয়।প্রতিদিনে ঋণৰ বোজা গধুৰ হৈ আহিছিল পৰিয়ালটোৰ।ইয়াৰ উপৰি বিভিন্ন ৰোগত আক্রান্ত হৈছিল চন্দ্ৰশেখৰ।গতিকে চৰম হতাশাত আত্মহত্যাৰ পথ বাছি লয় চন্দ্ৰশেখৰৰ পৰিয়ালটোৱে। ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিবলৈ পৰিয়ালটোৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিছে।