...

আপিএলৰ খেল সমূহ পুনৰ ১৭ মে’ৰ পৰা অনুষ্ঠিত হব

Spread the love

প্ৰথম খেলখন বেংগালোৰত হব

আৰচিডি বনাম কেকেআৰ

আনহাতে IPLৰ ফাইনেল খেল অনুষ্ঠিত হ’ব অহা ৩ জুনত

চাইন অন ডেক্সঃ

ভাৰত পাকিস্তানৰ যুদ্ধৰ তথা সাম্প্ৰতিক পৰিস্থিতি বাবে মাজতে বন্ধ কৰিব লগা বহু চৰ্চিত আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা। আনহাতে IPLৰ ফাইনেল খেল অনুষ্ঠিত হ’ব অহা ৩ জুনত। অৱশ্যে ফাইনেলৰ বাবে বৰ্তমানলৈকে কোনো স্থান নিৰ্ধাৰণ কৰা নাই। বিচিচিআইৰ সচিব তথা ভাৰতীয় ক্ৰিকেট কন্ট্ৰল বৰ্ডৰ সঞ্চালক দেৱজিৎ লন শইকীয়াই ডিব্ৰুগড়ত আজি এই কথা ঘোষণা কৰে।ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰি থকা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট পিটচ পৰিদৰ্শন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব গৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলত ভৱিষ্যতৰ দিনত অসমৰ খেলুৱৈৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। লগতে ডিব্ৰুগড়ৰ জালান আউটডৰ ষ্টেডিয়ামত ইতিমধ্যে BCCI ৰ অধীনস্থ ৰঞ্জিকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰি সফলতা লাভ কৰা ষ্টেডিয়াম খনৰ পিটচ সহ আউটফিল্ড পুণৰ নতুনকৈ নিৰ্মাণ কৰাৰ পাছত BCCIৰ অধীনৰ আৰু উন্নত ক্ৰিকেট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা কৰা বিষয়ে উল্লেখ কৰে। আনহাতে BCCI সচিব জনে ক্ৰিকেট খেলুৱৈ সকলৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ এটা “Sport’s Science institute” মুকলি হ’ব বুলি কৈ যিটো দেশৰ ভিতৰতে দ্বিতীয়টো হ’ব বুলি তেওঁ উল্লেখ কৰে।
আপিএলৰ খেল সমূহ পুনৰ ১৭ মে’ৰ পৰা অনুষ্ঠিত হব।প্ৰথম খেলখন বেংগালোৰত হব।আৰচিডি বনাম কেকেআৰ আৰু আমি হব লগীয়া ১৭ খন খেল নিয়াৰিকৈ সমাপন কৰিব পাৰো—-দেৱজিৎ লন শইকীয়াই এইদৰেই সদৰী কৰে।
আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা, বিৰাট কোহলিৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ সন্দৰ্ভত মন্তব্য কৰে সচিব গৰাকীয়ে।BCCIক ইতিপূৰ্বে জনাইছিল বুলি কৈ প্ৰত্যেক খেলুৱৈয়ে একোটা সময় আহে আৰু তেতিয়া তেওঁ লোকে নিজেই নিজৰ সিদ্ধান্ত লয় বুলি কৈ BCCI য়ে ইতিমধ্যে গ্ৰহণ কৰা বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *