...

অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰৰ জামিন

Spread the love

২০২১ৰ হত্যাকাণ্ডৰ গোচৰত সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

নতুন দিল্লী,৫মার্চ: কনিষ্ঠ মল্লযোদ্ধাক হত্যাৰ মূল অভিযুক্ত অলিম্পিকৰ পদক বিজয়ী মল্লযোদ্ধা সুশীল -কুমাৰলৈ সকাহ। দিল্লী উচ্চ ন্যায়ালয়ে ২০২১ চনৰ হত্যাকাণ্ডৰ গোচৰত মল্লযোদ্ধা সুশীল কুমাৰক জামিন দিয়ে। মল্লযোদ্ধাগৰাকীক ৫০ হাজাৰ টকাৰ বণ্ড আৰু দুটা ছিউৰিটিজ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সুশীল কুমাৰক ২০২১ চনৰ মে’ মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সাগৰ ধনকৰ নামৰ ২৩ বছৰীয়া কনিষ্ঠ মল্লযোদ্ধাৰ হত্যাৰ গোচৰত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ নাৰুলাৰ আদালতে জামিন মঞ্জুৰ কৰে। দুবাৰৰ পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে হত্যা, সংঘর্ষ আৰু বেআইনী কাৰ্যকলাপৰ লগতে অপৰাধৰ ষড়যন্ত্ৰ কৰাৰ গোচৰ ৰুজু কৰা হৈছিল। ২০২১ চনৰ ৪ মে’ত নতুন দিল্লীৰ সত্ৰশাল ষ্টেডিয়ামত সুশীল কুমাৰ আৰু আন কেইবাজনেও সাগৰ ধনকৰক আক্ৰমণ কৰিছিল আৰু পাছলৈ ধনকৰৰ মৃত্যু হৈছিল। দিল্লী আৰক্ষীয়ে সুশীল কুমাৰক মূল অভিযুক্ত কৰি ১৭০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *