...

অগ্নিগৰ্ভা পশ্চিম বংগ !

Spread the love

ৱাকফক লৈ জ্বলিছে পশ্চিম বংগ !

উচ্চ ন্যায়ালয়ৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়নৰ নিৰ্দেশ

 

চাইন অন ডেস্কঃ

ৱাকফ আইনক লৈ পশ্চিমবংগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। মালদা, হুগলী, মুৰ্ছিদাবাদকে ধৰি পশ্চিম বংগৰ বহু অঞ্চলত সংঘটিত হৈছে এটাৰ পাছত আন এটা হিংসাত্মক ঘটনা। এই পৰ্যন্ত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। মুৰ্ছিদাবাদ আৰু অন্যান্য হিংসাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ১৫০ জনতকৈ অধিক লোক। এই হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কলিকতা উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়নৰ নিৰ্দেশ দিছে। পশ্চিম বংগত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ৰাজ্যখনৰ মুখ্য সচিব আৰু ডিজিপিৰ সৈতে বাৰ্তালাপ কৰিছে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে। প্ৰায় ৩০০ বি এছ এফৰ জোৱানৰ উপৰিও হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মুৰ্ছিদাবাদত আৰু ৫টা কোম্পানী মোতায়েন কৰা হৈছে।

পশ্চিম বংগৰ ডিজিপিয়ে সদৰি কৰে যে, ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও উত্তেজনাপূৰ্ণ যদিও সকলো নিয়ন্ত্ৰণত আছে আৰু তীক্ষ্ণ নজৰ ৰখা হৈছে। স্থানীয়ভাৱে নিয়োজিত বি এছ এফৰ সহায় লোৱাৰ লগতে ১৫০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও ডিজিপি গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰে, “মনত ৰাখক, যি আইনৰ বিৰুদ্ধে আপোনালোকে আন্দোলন কৰিছে সেই আইন আমি প্রণয়ন কৰা নাই, কেন্দ্ৰীয় চৰকাৰক দাবী কৰক।”

Leave a Reply

Your email address will not be published. Required fields are marked *