...

হোলী উদযাপনৰ বাবে চৰকাৰৰ পৰা বিছাৰিলে নিৰাপত্তা

Spread the love

এই খবৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ

চাইন অন ডেক্স,১২মাৰ্চঃ

প্ৰতি বছৰৰ দৰেই এইবাৰো ১৪ আৰু ১৫ মাৰ্চত উদযাপন কৰা হ’ব হোলী। হোলীক লৈ প্ৰান্তে প্ৰান্তে এতিয়া পাৰ ভঙা উচাহ। কিন্তু তাৰ মাজতে হোলী উদযাপন কৰিবৰ বাবে চৰকাৰৰ পৰা নিৰাপত্তা বিচাৰিব লগীয়া হৈছে একাংশ লোকে।এই খবৰ পাকিস্তানৰ। মঙলবাৰে পাকিস্তানৰ এটা হিন্দু অধিকাৰ সংগঠনে মুলতানৰ এটা প্ৰাচীন মন্দিৰত হোলী উদযাপনৰ বাবে নিৰাপত্তাৰ বিচাৰি চৰকাৰক আবেদন জনায়। পঞ্জাৱ প্ৰদেশৰ মুলতান চহৰত অৱস্থিত প্ৰাচীন প্ৰহ্লাদপুৰী মন্দিৰত হিন্দুসকলৰ হোলী আৰু অন্যান্য উৎসৱৰ শান্তিপূৰ্ণ উদযাপনৰ বাবে নিৰাপত্তা আৰু প্ৰয়োজনীয় সা-সুবিধা সুনিশ্চিত কৰিবলৈ পাকিস্তান চৰকাৰক জনায় অনুৰোধ। সদৌ পাকিস্তান হিন্দু অধিকাৰ আন্দোলনৰ সভাপতি হাৰুণ ছাৰাবে সদৰী কৰে, ‘পাকিস্তানী হিন্দু হিচাপে আমাক সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাক উদযাপনৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।’উল্লেখযোগ্য যে, প্ৰহ্লাদপুৰী মন্দিৰ হিন্দু দেৱতা নৰসিংহৰ প্ৰতি উৎসৰ্গিত এক ঐতিহাসিক ধৰ্মীয় স্থান। লোককথা অনুসৰি এই মন্দিৰৰ পৰাই আৰম্ভ হৈছিল হোলী উৎসৱ। কিন্তু বৰ্তমান এই মন্দিৰটো জৰাজীৰ্ণ অৱস্থাত আছে। অনুশোচনা প্ৰকাশ কৰি তেওঁ কয়, ‘আমাৰ প্ৰাচীন মন্দিৰৰ অৱস্থা অতি হতাশাজনক। ইয়াৰ বাহিৰেও আমি নিজৰ পূজাস্থলীত প্ৰৱেশ কৰিবলৈ কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লগা হোৱাটো আমাৰ ধৰ্মীয় অধিকাৰৰ উলংঘা।’

Leave a Reply

Your email address will not be published. Required fields are marked *