- বিএনএছৰ ১২৫ নং ধাৰাত ৫০০০ টকা জৰিমনা ভৰিব লাগিব !
চাইন অন ডেস্কঃ সমগ্ৰ দেশতে ১৪ মাৰ্চত উদযাপন কৰা হ’ব হোলী। হোলীৰ দিনা আবিৰৰ ৰঙেৰে ৰঙীন হব সমগ্ৰ দেশ। হোলীৰ পবিত্ৰ দিনটোত এজনে আনজনক ৰং সানি কৰিব হোলী উৎসৱৰ উদযাপন।
পিছে বহু সময়ত হোলীৰ অচিলা লৈ এজনে আনজনক বলপূৰ্বকভাৱে ৰং সনা দেখা যায়। বিশেষকৈ মহিলাসকল সন্মুখীন হয় এনেধৰণৰ সমস্যাৰ। আনকি ৰাজপথত খোজ কাঢ়ি গৈ থকা মানুহলৈও বলপূৰ্বকভাৱে ৰং নিক্ষেপ কৰে। যদি আপুনিও এই কামটো কৰিবলৈ ভাল পায়, তেনে এতিয়াৰ পৰা সাৱধান হওঁক।
এনে কাণ্ড কৰিলে আপোনাৰ বাবে সৃষ্টি হ’ব ডাঙৰ সমস্যাৰ। আনৰ ওপৰত বলপূৰ্বকভাৱে ৰং প্ৰয়োগ কৰিলে আপোনাক জেললৈ পঠিয়াব পাৰে।
ইয়াৰ সন্দৰ্ভত কি কি নিয়ম প্ৰণয়ন কৰা হৈছে ?
সবিশেষ জানি লওঁ আহক !
হোলীত যদি কাৰোবাৰ ওপৰত বলপূৰ্বক ৰং লগাই কোনো ক্ষতি কৰে, তেনে বিএনএছৰ ১২৫ নং ধাৰাত ৫০০০ টকা জৰিমনা ভৰিব লাগিব। নাইবা ১ বছৰৰ কাৰাদণ্ড কাৰাদণ্ড হব পাৰে।
যদি কোনো মহিলাক বলপূৰ্বকভাৱে ৰং প্ৰয়োগ কৰা হয়, তেতিয়া বিএনএছৰ ৭৯ নং ধাৰাত এগৰাকী মহিলাৰ স্বাভিমানক অপমান কৰাৰ গোচৰ ৰুজু কৰিব পাৰে। য’ত ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড থাকিব। লগতে বিহা হ’ব পাৰে জৰিমনা।
হোলীৰ দিনা কাৰোবাৰ বাট বন্ধ কৰি বলপূৰ্বকভাৱে ৰং প্ৰয়োগ কৰা হয় নাইবা হাৰাশাস্তি কৰা হয়, তেনে CrPCৰ ধাৰা ৩৪৫ৰ অধীনত গোচৰ ৰুজু কৰিব পাৰিব। য’ত ১ মাহৰ কাৰাদণ্ড বা ৫০০০ টকা জৰিমনা হ’ব পাৰে। বা দুয়োটা শাস্তি দিব পাৰে।
কাৰোবাৰ ওপৰত বলপূৰ্বকভাৱে ৰং লগোৱাৰ প্ৰক্ৰিয়াত যদি কাজিয়া আৰু হিংসা হয়, তেনেক্ষেত্ৰত বিএনএছৰ ১৫০ নং ধাৰাত গোচৰ ৰুজু কৰিব পাৰিব। য’ত ১০ বছৰ পৰ্যন্ত শাস্তিৰ ব্যৱস্থা আছে। সেয়ে হোলীত কাৰোবাৰ ওপৰত বলপূৰ্বক ৰং লগোৱাৰ আগতে এইবোৰ কথা মনত ৰাখিব।