...

শনিৰ প্ৰৱেশ মীন ৰাশিত, ২৯ মাৰ্চৰ পৰা ১২ ৰাশিত পৰিব কিছু বিশেষ প্ৰভাৱ

Spread the love

জ্যোতিষে কি কয় ?

২৯ মার্চ, শনিয়ে প্ৰৱেশ কৰিলে মীন ৰাশিত । আজি সূৰ্য গ্ৰহণৰ আংশিক প্ৰভাৱৰ লগতে কাইলৈ আছে শনি আমাৱশ্যা, ইয়াৰ পৰাই আৰম্ভ হ’ব বাসন্তী পূজা । ২৯ মাৰ্চৰ পৰা কোন কেইটা ৰাশিত শনি প্ৰভাৱ পৰিব ?

 

২৯ মার্চ, শনিয়ে প্ৰৱেশ কৰিলে মীন ৰাশিত । আজি সূৰ্য গ্ৰহণৰ আংশিক প্ৰভাৱৰ লগতে কাইলৈ আছে শনি আমাৱশ্যা, ইয়াৰ পৰাই আৰম্ভ হ’ব বাসন্তী পূজা । ২৯ মাৰ্চৰ পৰা কোন কেইটা ৰাশিত শনি প্ৰভাৱ পৰিব ?

শনিৰ চাৰেছাতি ইতিমধ্যে মকৰ, কুম্ভ আৰু মীন ৰাশিত চলি আছে আৰু শনিৰ ধ্যায়া কৰ্কট আৰু বৃশ্চিক ৰাশিত চলি আছে । কিন্তু ২৯ মাৰ্চৰ পৰা কৰ্কট আৰু বৃশ্চিক ৰাশিৰ পৰা শনিৰ ধ্যায়া নাইকীয়া হ’ব ৷ আনহাতে সিংহ আৰু ধনু ৰাশিত শনিৰ ধ্যায়া আৰম্ভ হ’ব । শনিৰ চাৰেছাতি মকৰ ৰাশিৰ পৰা নাইকিয়াহৈ মেষ ৰাশিত প্ৰৱেশ কৰিব ।

ৰাশি অনুযায়ী কি প্ৰভাৱ পৰিব –

মেষ ৰাশি :
মেষ ৰাশিৰ ব্যক্তিসকলৰ শনিৰ চাৰেছাতি আৰম্ভ হ’ব । অৰ্থাৎ এই সময়চোৱাত এই ৰাশিৰ ব্যক্তি সকলৰ অযথা ধন ব্যয়ৰ সম্ভৱনা আছে । স্বাস্থ্য অকমান যতন লোৱাটো ভাল । পজিটিভৰ দিশৰ পৰা যদি চোৱা যায় বিদেশ ভ্ৰমণৰ যোগ আছে । লোকক টকা-পইচা ধাৰ দিয়াৰ ক্ষেত্ৰত অকমান সাৱধান হোৱাটো ভাল ।

বৃষ ৰাশি :
বৃষ ৰাশিৰ লোকসকলৰ শনি একাদশ স্থানত প্ৰৱেশ কৰিব । যাৰ ফলত বিত্তীয় দিশত এই ৰাশিৰ ব্যক্তিসকলৰ বহুখিনি উন্নতি সাধন হ’ব । মনৰ ইচ্ছাসমূহ পূৰ হোৱাত সহায় হ’ব । সন্তানৰ লগতে শাৰীৰিক আৰু শিক্ষাত অকমান যত্ন ল’লে ভাল ফল লাভ কৰিব ।

মিথুন ৰাশি :
মিথুন ৰাশিৰ লোকসকলৰ বিত্তীয়ৰ লগতে কৰ্মস্থানত শনি প্ৰৱেশ কৰিব । এই সময়ছোৱাত তেওঁলোকে কৰ্মত স্থীৰতাৰ লাভ কৰিব, যদি বহুত দিনৰ পৰা চাকৰি বিচাৰি আছিল বা কিবা অসুবিধা পাই আছিল সেইক্ষেত্ৰত কষ্ট অনুসৰি ফল লাভ কৰিব । এই ৰাশিৰ লোকসকলৰ বাবে এইখিনি খুব বেছি ভাল সময় । লগতে মিথুন ৰাশিৰ লোকসকলে স্বাস্থ্যক্ষেত্ৰত অকমান যতন লোৱাটো ভাল । বিশেষকৈ যানবাহন চলাওঁতে অকমান সাৱধান হোৱাটো ভাল

কৰ্কট ৰাশি :
কৰ্কট ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাশিৰ পৰা শনিৰ ধ্যায়া শেষ হ’ব । অৱশ্যে শনিৰ ধ্যায়া শেষ হলেও ২-৩ মাহলৈ ইয়াৰ প্ৰভাৱ থাকিব । সেয়ে এই সময়খিনিত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিলে তেওঁলোকৰ বাবে ভাল । আগৰ যিসমূহ আধৰুৱা কাম আছে সেইসমূহ সমাপ্ত হ’ব । চাকৰি, বিয়া, টকা-পইচা আদিকে ধৰি সকলো ক্ষেত্ৰত বাধাসমূহ নাইকিয়া হ’ব । লগতে মাতৃৰ অকমান স্বাস্থ্যৰ যতন ল’ব ।

সিংহ ৰাশি :
সিংহ ৰাশিত যিহেতু ২৯ মাৰ্চৰ পৰা শনিৰ ধ্যায়া আৰম্ভ হ’ব, সেয়ে তেওঁলোকে যিমান পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অকমান যতন লোৱাটো দৰকাৰ । খৰচ বৃদ্ধি হ’ব । পাৰিবাৰিক বা মাটি-বাৰীকলৈ কন্দল সৃষ্টি হ’ব পাৰে । লগতে যিকোনো সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত তেওঁলোকে অকমান সাৱধান হোৱাটো ভাল । এই আঢ়ৈটা বছৰ অকমান সাৱধান হৈ চলাটো ভাল ।

কন্যা ৰাশি :
কন্যা ৰাশিৰ লোকসকলে স্বাস্থ্যৰ বাহিৰে অন্য সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব । ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সম্পর্ক সকলো ক্ষেত্ৰত ভাল ফল লাভ কৰিব । কিন্তু স্বাস্থ্যৰ বিশেষকৈ বিষ জাতীয় সমস্যা তেওঁলোকৰ হ’ব পাৰে । গতিকে যিমান পাৰে খোজ কঢ়িলে বা পানী খালে ভাল।

তুলা ৰাশি :
তুলা ৰাশিৰ ব্যক্তি সকলৰ ২৯ মাৰ্চৰ পৰা খুৱ বেছি ভালফল লাভ কৰি ব। কোৰ্ট-কাছাৰীৰ মুকৰ্ডমাত বিজয় হ’ব । চৰকাৰী চাকৰিত সকলো বাধা আঁতৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত অকমান যতন লোৱাটো ভাল । বিশেষকৈ শনিবাৰটো মানি চলিব পাৰিলে ভাল ।

বৃশ্চিক ৰাশি :
বৃশ্চিক ৰাশিৰ লোকসকলৰ যিহেতু শনিৰ ধ্যায়া শেষ হ’ব সেয়ে তেওঁলোকে এটা ডাঙৰ সকাহ লাভ কৰিব । বিশেষকৈ সম্পৰ্কত যিবোৰ সমস্যা চলি আছে লগতে বিত্তীয় সমস্যা সেইসমূহ শেষ হ’ব । লগতে সন্তানৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব ।

ধনু ৰাশি :
ধনু ৰাশিত যিহেতু শনিৰ ধ্যায়া আৰম্ভ হ’ব, সেয়ে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ’ব পাৰে । ঘৰুৱা সমস্যা হ’ব পাৰে । মাতৃৰ স্বাস্থ্যও কৰ্মক্ষেত্ৰত জটিলতা আনিব পাৰে । সেয়ে যিমান পাৰে সাৱধানে থকাটো ভাল ।

মকৰ ৰাশি :
মকৰ ৰাশিৰ লোকসকলৰ শনিৰ চাৰেছাতি শেষ হ’ব । সেয়ে তেওঁলোকে বহুক্ষেত্ৰত ভাল ফল লাভ কৰিব । যিসমূহ বাধা আছে সেইসমূহ আঁতৰিব ।

কুম্ভ ৰাশি :
কুম্ভ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰতো শনিৰ চাৰেছাতি কমিব । পূৰ্বতকৈ বহুত বেছি ভাল হ’ব । বিশেষকৈ স্বাস্থ্য, বিবাহ আদিৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰিব । বাক্য আৰু খাদ্যত যিমান পাৰে সংযম ৰাখিব পাৰে তেওঁলোকৰ বাবে ভাল হ’ব ।

মীন ৰাশি :
মীন ৰাশিৰ যিহেতু শনি প্ৰৱেশ কৰিব সেয়ে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত অকমান সাৱধান হোৱাটো ভাল । EGO ৰ সমস্যা তেওঁলোকৰ আহিব পাৰে । লগতে মানসিক চিন্তা বৃদ্ধি হ’ব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *