...

পাকিস্তানৰ অপহৃত ৰে’লত পণবন্দী কৰি ৰখা ১০৪ যাত্ৰীক উদ্ধাৰ, ১৬ টা সন্ত্ৰাসবাদী নিহত

Spread the love

কৰাচী,১২মাৰ্চঃ পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ১১ মাৰ্চত অশান্ত বেলুচিস্তান প্ৰদেশত সন্দেহযুক্ত বেলুচ সন্ত্ৰাসবাদীয়ে ৰে’লত পণবন্দী কৰি ৰখা ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰি ১৬ টা উগ্ৰপন্থীক হত্যা কৰে।নিৰাপত্তাৰক্ষীয়ে এই তথ্য প্ৰদান কৰে ।বিষয়াসকলে জনোৱা মতে, ৯টা ডবাত প্ৰায় ৫০০ যাত্ৰী কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছখন কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰ অভিমুখে গৈ থকা অৱস্থাত মঙলবাৰে পুৱা গুডলাৰ আৰু পিৰু কনেৰী অঞ্চলৰ মাজত গুলীচালনাৰ সন্মুখীন হয়।নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত নিৰাপত্তা বাহিনীয়ে ১৬ টা সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে ৰে’লখন নিয়ন্ত্ৰণ কৰি ১০০ৰো অধিক যাত্ৰীক পণবন্দী কৰা হৈছে।বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিন্দে এই তথ্য দিয়ে।ইয়াৰ পূৰ্বে ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে বেলুচিস্তানৰ বোলান জিলাৰ সমীপত কুৱেটা-পেছাৱাৰ অভিমুখী যাত্ৰীবাহী ৰে’লত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পিছত পণবন্দী হৈ থকা যাত্ৰীসকলক বচাবলৈ নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে।
ৰাজ্যিক সংবাদ মাধ্যম ৰেডিঅ’ পাকিস্তান আৰু পিটিভি নিউজে ইয়াৰ পূৰ্বে ‘নিৰাপত্তাৰ সূত্ৰ’ৰ উদ্ধৃতি দি কৈছিল যে বোলান পাছৰ ধাদৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে জাফৰ এক্সপ্ৰেছত আক্ৰমণ চলাইছিল । তেওঁলোকে মহিলা আৰু শিশুকে ধৰি যাত্ৰীসকলক পণবন্দী কৰি ৰাখিছিল আৰু তেওঁলোকৰ ‘বিদেশী সহায়ক’ৰ সৈতে যোগাযোগ ৰাখিছিল। খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে । আটাইকেইজন যাত্ৰীক বচাবলৈ উদ্ধাৰ অভিযান চলোৱা হৈছে ।
পৰৱৰ্তী সময়ত ৰেডিঅ’ পাকিস্তানে এক আপডেটত প্ৰকাশ কৰিছে যে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ কৱলৰ পৰা ৮০ জন পণবন্দীক উদ্ধাৰ কৰিছে । নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি উদ্ধাৰ হোৱাসকলৰ ভিতৰত আছে ৪৩ জন পুৰুষ, ২৬ গৰাকী মহিলা আৰু ১১ টি শিশু।গভীৰ নিশা পাকিস্তানৰ চৰকাৰী সংবাদ মাধ্যমে আন এক আপডেটত প্ৰকাশ কৰিছে যে ১৩ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে নিৰাপত্তা বাহিনীৰ দ্বাৰা আহত হৈছে কেইবাটাও সন্ত্ৰাসবাদী । নিৰাপত্তাবাহিনীৰ সূত্ৰই জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ অভিযানৰ বাবেই সন্ত্ৰাসবাদীকেইটা সৰু সৰু গোটত বিভক্ত হৈ পৰে । আহত যাত্ৰীসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ দলে অঞ্চলটোত এই অভিযানত অংশ লয় ।

আক্ৰমণৰ দায়িত্ব স্বীকাৰ বি এল এৰ

নিষিদ্ধ বেলুচিস্তান লিবাৰেশ্যন আৰ্মী (বি এল এ) গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।জিঅ’ নিউজৰ শ্ব’ ‘আজ শ্বাহজেব খানজাদা কে সাথ’ত দিয়া এক সাক্ষাৎকাৰত এই পৰিঘটনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি আভ্যন্তৰীণ ৰাজ্যিক মন্ত্ৰী তলাল চৌধুৰীয়ে কয় যে দুপৰীয়াৰ আশে-পাশে এটা দুৰ্গম অঞ্চলত ৰে’লখন হাইজেক কৰা হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *