...

পলিটেকনিক প্ৰতিষ্ঠানৰ ৬৪ গৰাকী প্রবক্তাক অব্যাহতি শিক্ষা বিভাগৰ

Spread the love

২৩ দিন ধৰি প্রতিবাদ!

২০১৭ চনত যোগদান কৰিছিল প্রবক্তাসকলে

ৰাজ্য চৰকাৰৰ সিদ্ধান্তত ক্ষুণ্ণ

চাইন অন ডেক্স,১২মার্চঃ ২০১৭বৰ্ষৰ প্রতিষ্ঠাকালৰে পৰা পলিটেকনিক প্রতিষ্ঠানসমূহত কৰ্মৰত ৬৪জন প্রবক্তাক চাকৰিৰ পৰা উচ্চ শিক্ষা বিভাগে অব্যাহতি দিয়া কার্যক লৈ তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমর্থনত এই প্রবক্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে তেওঁলোকক কালি এক নিৰ্দেশনাৰ জৰিয়তে চাকৰিৰ পৰা অব্যাহতি দিয়া হয়। যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্রতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে। আজি পুনৰ সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক সংস্থাৰ উদ্যোগত বঞ্চিত প্রবক্তাসকলে মহানগৰীর চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিগত ২৩ দিন ধৰি তেওঁলোকে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।ইয়াৰ পূৰ্বে কাহিলিপাৰাত প্রবক্তাসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও তেওঁলোকক তাৰ পৰা আটক কৰি অনাৰ পাছত পুনৰ চচলত প্ৰতিবাদ অব্যাহত ৰাখে। আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী প্রবক্তাই কয় যে ২০১৭ চনত অতি স্বচ্ছ আৰু নিকাভাৱে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে তেওঁলোকক ১১খন পলিটেকনিক আৰু এখন অভিযান্ত্রিক মহাবিদ্যালয়ত নিযুক্তি দিছিল। ছমাহৰ বাবে তেওঁলোকক সেই সময়ত নিযুক্তি প্রদান কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ ম্যাদ বৃদ্ধি কৰা হয়। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে প্রতিষ্ঠানসমূহত কাম কৰি আহিছে। ৮ বছৰ চাকৰি কৰাৰ পাছত কালি তেওঁলোকলৈ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিছে। প্রতিষ্ঠাকালত একো নথকা পলিটেকনিকসমূহক তেওঁলোকে গঢ় দিলে। তৎসত্ত্বেও কি কাৰণত তেওঁলোকক অব্যাহতি দিয়া হ’ল বুলি প্রশ্ন উত্থাপন কৰি প্ৰতিবাদকাৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে। আনকি কেইবাগৰাকীও প্ৰতিবাদকাৰীয়ে চৰকাৰৰ সিদ্ধান্তত শোকাভিভূত হৈ পৰি চকুলো টোকে। আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে কালি তেওঁলোকক অব্যাহতি পত্ৰ প্ৰদান কৰা হ’ল। গণতান্ত্রিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰো তেওঁলোকৰ নোহোৱা হ’ল নেকি? আগন্তুক সময়ত তেওঁলোকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *