সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)ৰ বাৰ্ষিক সন্মিলনকে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
নতুন দিল্লী,১২মাৰ্চঃতিনিদিনীয়া কাৰ্যসূচীলৈ ১৪ মাৰ্চত অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)ৰ বাৰ্ষিক সন্মিলনকে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে এই তথ্য সদৰী কৰে ।চৰকাৰী বিবৃতি অনুসৰি ১৪-১৬ মাৰ্চলৈ অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ১৪ মাৰ্চত যোৰহাটত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । ১৫ মাৰ্চত তেওঁ দেৰগাঁৱত নতুনকৈ উন্নীত কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব । একেদিনাই তেওঁ মিজোৰামো ভ্ৰমণ কৰিব ।তেওঁ ১৬ মাৰ্চত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ চূড়ান্ত অধিৱেশনত অংশগ্ৰহণ কৰিব । ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ কোকৰাঝাৰৰ বডোফা ফাওথাৰত অনুষ্ঠিত হ’ব এবছুৰ বাৰ্ষিক সন্মিলন ।বিবৃতিটোত কোৱা হৈছে যে এই সন্মিলনখন বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক উৎসৰ্গা কৰা হৈছে, যিহেতু দোতমা তেওঁৰ জন্মস্থান । এই সন্মিলনত নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু সম্প্ৰদায়ৰ নেতাসকলক একত্ৰিত কৰি শিক্ষা, যুৱ বিকাশ আৰু দীৰ্ঘম্যাদী অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ’ব ।