ডিব্ৰুগড়ত মে’ দিৱস উদযাপন
ইষ্টাৰ্ণ আছাম চেম্বাৰ অৱ কমাৰ্চে থেলা চালকসকলক প্ৰদান কৰে সন্মান
মানুহৰ মাজত থাকিও বহুত অকলশৰীয়া – মানুহে থেলা দেখে, কিন্তু সেইবোৰ টনা মানুহক নেদেখে। আজি প্ৰথমবাৰৰ বাবে কোনোবাই আমাৰ কঠিন পৰিশ্ৰমক স্বীকৃতি দিলে। ভাল লাগিছে—২২ বছৰ ধৰি থেলা চলোৱা ভগীৰথ যাদৱ
চাইন অন ডেক্সঃ
ডিব্ৰুগড়ত আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত, ইষ্টাৰ্ণ আছাম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (ইএচিচিআই)য়ে ডিব্ৰুগড়ৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য শ্ৰমিক থেলা চালক আৰু মজদুৰসকলক সন্মানিত কৰি এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে।মহানগৰৰ এটি ৰোডৰ কাষৰ ব্যস্ত থেলা ষ্টেণ্ডত অনুষ্ঠিত এই অনুষ্ঠানত ইএচিচিআইৰ বিষয়ববীয়াসকলে শ্ৰমিকসকলক তেওঁলোকৰ অক্লান্ত অৱদান আৰু শ্ৰমৰ বাবে সন্মানিত কৰে।এই অনুষ্ঠানত শ্ৰমিকসকলক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে জলপানৰে আপ্যায়ন কৰা হয়।
প্ৰতি বছৰে ১ মে’ তাৰিখে সমগ্ৰ বিশ্বই আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰে। যিসকল শ্ৰমিকৰ অবিৰত প্ৰচেষ্টাই সমাজক চলি থকাত অৱদান আগবঢ়ায় তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।এই দিৱসৰ আয়োজন পালন কৰাৰ সময়ত, ইএচিচিআইয়ে ডিব্ৰুগড়ৰ অনানুষ্ঠানিক অৰ্থনীতিৰ মূলভিত্তি গঠন কৰা তথা প্ৰায়ে অৱহেলিত থেলা চালক আৰু শ্ৰমিকসকলক আলোকপাত কৰিবলৈ বাছি লয়। “এই থেলা চালক আৰু মজদুৰসকল আমাৰ স্থানীয় অৰ্থনীতিৰ অগ্ৰজ। আমি অৰ্থনৈতিক বৃদ্ধি আৰু ব্যৱসায়িক বিকাশ উদযাপন কৰাৰ সময়ত, আমি প্ৰায়ে সেইসকলক পাহৰি যাওঁ যিসকলে বতৰৰ অৱস্থা বা ব্যক্তিগত কষ্টৰ কথা নাভাবি প্ৰতিদিনে বহু কষ্টৰে ৰাস্তাৰে সামগ্ৰী কঢ়িয়াই নিয়ে।এই শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰমৰে সামগ্ৰী সৰবৰাহৰে জীৱন নিৰ্বাহ কৰি পৰিয়ালক ভৰণ পোষণ দিয়ে। তথাপিও, তেওঁলোকে কেতিয়াও এষাৰো ‘ধন্যবাদ’ সূচক মন্তব্য নাপায়।” অনুষ্ঠানত ইএচিচিআইৰ সভাপতি ভাস্কৰ পাপুকন গগৈয়ে এনদৰে মন্তব্য কৰে।
“আমি কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও মানুহৰ দৃষ্টিত নপৰো।এনদৰেই যেন মানুহৰ মাজত থাকিও বহুত অকলশৰীয়া – মানুহে থেলা দেখে, কিন্তু সেইবোৰ টনা মানুহক নেদেখে। আজি প্ৰথমবাৰৰ বাবে কোনোবাই আমাৰ কঠিন পৰিশ্ৰমক স্বীকৃতি দিলে। ভাল লাগিছে,” ২২ বছৰ ধৰি থেলা চলোৱা ভগীৰথ যাদৱে এনেদৰেই মনোভাৱ ব্যক্ত কৰে।
ডিব্ৰুগড়তো ভাৰতৰ অনান্য চহৰৰ দৰে, অনানুষ্ঠানিক শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। থেলা চালকসকলে প্ৰয়োজনীয় সামগ্ৰী, শাক-পাচলি আৰু নিৰ্মাণ সামগ্ৰী পৰিবহনত এক গুৰুত্বপূৰ্ণ, ভূমিকা গ্ৰহণ কৰে। তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থকা সত্ত্বেও, তেওঁলোকৰ চাকৰিৰ সুৰক্ষা, ন্যায্য মজুৰি বা সামাজিক সুবিধাৰ অভাৱ আছে।
প্ৰচণ্ড ৰ’দতো দশক দশক ধৰি সামগ্ৰী কঢ়িয়াই অহা শ্ৰমিকসকলে এই স্বীকৃতিৰ বাবে বিশেষভাবে কৃতজ্ঞতা প্ৰকাশ কৰে।