কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সহ কেইবাজনকো অসম জাতীয় পৰিষদৰ পৰা বহিস্কাৰ
চাইন অন ডেক্সঃ
অন্য ৰাজনৈতিক দলৰ লগত যোগাযোগ তথা অজাপ দলৰ গোপনীয়তা ভংগ কৰা, দলৰ দৰ্শন, নীতি আৰু কাৰ্যসূচীৰ পৰিপন্থী, তথা দলৰ সংবিধান বর্হিভূত কাম কৰাৰ বাবে কেন্দ্রীয় সমিতি সাংগঠনিক সম্পাদক উৎপল শর্মা(ডিব্ৰুগড়),কেন্দ্ৰীয় কার্যনির্বাহক সদস্য
ৰঞ্জন ধাদুমীয়া, জাতীয় মহিলা শক্তি কেন্দ্রীয় সমিতিৰ সম্পাদক গিতাঞ্জলি হাজৰিকা (লক্ষীমপুৰ),জাতীয় মহিলা শক্তিৰ কার্যনির্বাহক সদস্য নাহিদা ৰহমান(কামৰূপ মহানগৰ),জাতীয় মহিলা শক্তি কেন্দ্রীয় সমিতি, (ডিব্রুগড়)
লুকুমণি বৰুৱা,ডিব্রুগড় জিলা, অজাপৰ প্ৰাক্তন সভাপতি পৰাগ জ্যোতি বৰুৱাক দলৰ প্ৰাথমিক সদস্যৰ পদ বাতিল কৰাৰ লগতে সকলো দায়িত্ব খাৰিজ কৰা বুলি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদ্দীপ জ্যোতি গগৈয়ে জনাইছে।