ডিব্ৰুগড়ত অভিযান জিলা পৰিবহণ বিভাগৰ
যিকোনো ধৰণৰ অনাকাংক্ষিত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ ডিব্ৰুগড় জিলা পৰিবহণ বিভাগে ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আদেশ অনুসৰি জিলাখনৰ বিভিন্ন স্থানত সামগ্ৰী কঢ়িওৱা বাহনত যাত্ৰী কঢ়িওৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।
ইতিমধ্যে অসুৰক্ষিত ভাৱে সামগ্ৰী কঢ়িওৱা বাহনত যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে দেওবাৰে ৫ খন বাহন আৰু আজি ২ খন বাহন জিলা পৰিবহণ বিভাগে জব্দ কৰাৰ লগতে চালকৰ ড্ৰাইভিং লাইচেন্স আৰু বাহনৰ আৰ.চি নিলম্বন কৰিছে।