...

উত্তৰ-পূব ভাৰতক “লেণ্ড লক” আখ্যা

Spread the love

বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মহম্মদ ইউনুছ বিপদত

ভাৰতৰ মাজেৰে কোনো ব্যৱসায় কৰিব নোৱাৰিব বাংলাদেশে

নতুন দিল্লী:

উত্তৰ-পূব ভাৰতক “লেণ্ড লক” বুলি অভিহিত কৰি এতিয়া যেন বিপদত পৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা মহম্মদ ইউনুছ ৷ কিয়নো বাংলাদেশৰ সৈতে সকলো যোগাযোগ কৰ্তন কৰিছে ভাৰতে ৷ বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (Ministry of External Affairs চমুকৈ MEA) ঘোষণা কৰে যে ভাৰতীয় বন্দৰ আৰু বিমানবন্দৰত লজিষ্টিক প্ৰত্যাহ্বান আৰু যানজঁটৰ কথা উল্লেখ কৰি পূৰ্বে সম্প্ৰসাৰিত ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰা হৈছে ৷

এক সংবাদমেলত MEA ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “বাংলাদেশলৈ সম্প্ৰসাৰিত ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধাৰ ফলত কিছু সময়ৰ বাবে আমাৰ বিমানবন্দৰ আৰু বন্দৰসমূহত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল । আমাৰ নিজৰ ৰপ্তানিত বাধা আহিছিল আৰু লজিষ্টিক পলম আৰু উচ্চ খৰচৰ বাবে বেকলগ বৃদ্ধি পাইছিল ।”

“সেয়েহে ২০২৫ চনৰ ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই সুবিধা প্ৰত্যাহাৰ কৰা হৈছে । স্পষ্টকৈ ক’বলৈ গ’লে ভাৰতৰ ভূখণ্ডৰ মাজেৰে নেপাল বা ভূটানলৈ বাংলাদেশৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব ।” MEA ৰ মুখপাত্ৰগৰাকীয়ে কয় ৷

উল্লেখ্য যে, বাংলাদেশৰ ১৩ জনীয়া এটা প্ৰতিনিধি দলে পূব উপকূলত অৱস্থিত ভাৰতীয় বন্দৰসমূহৰ মাজেৰে বাংলাদেশৰ এক্সিম কাৰ্গো ট্ৰেন্সশ্বিপমেণ্টৰ সম্ভাৱনাৰ সন্ধান কৰিবলৈ ২০২৪ চনৰ ৯ জুলাইৰ পৰা ১২ জুলাইলৈ ভাৰত ভ্ৰমণ কৰিছিল । বাংলাদেশৰ জাহাজ পৰিবহণ মন্ত্ৰণালয়ৰ যুটীয়া সচিব এছ এম মুস্তাফা কামালৰ নেতৃত্বত বাংলাদেশৰ অন্যান্য গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় আৰু বন্দৰৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ পূৰ্বে বন্দৰ, জাহাজ, আৰু জলপথ মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে এজেণ্ডা নং. ৬ নং এছ এছ এল টিৰ চুক্তিবদ্ধ কাৰ্য বিৱৰণীত ভাৰত আৰু বাংলাদেশৰ মাজত উপকূলীয় জাহাজ পৰিবহণ চুক্তি আৰু আভ্যন্তৰীণ জল পৰিবহণ আৰু বাণিজ্যৰ প্ৰট’কল (Protocol on Inland Water Transit and Trade চমুকৈ PIWTT) চুক্তি ব্যৱহাৰ কৰি পূব উপকূলৰ ভাৰতীয় বন্দৰৰ মাজেৰে বাংলাদেশৰ এক্সিম কাৰ্গোৰ সুবিধাৰ বাবে ভাৰতীয় পক্ষই উত্থাপন কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *