...

অসম কেবিনেটঃমূল সিদ্ধান্তসমূহ :

Spread the love

চাইন অন ডেক্সঃ

দুগ্ধ উৎপাদন বৃদ্ধি
•ৰাজ্যৰ দুগ্ধ উৎপাদনক ফিলিপ দিবলৈ কেবিনেটে ৰাণীৰ ইনষ্টিটিউট অৱ ফাৰ্ম মেনেজমেণ্ট কেম্পাছত অত্যাধুনিক উৎপাদন দুগ্ধ উদ্যোগ স্থাপনৰ বাবে ২০ বিঘা মাটি আমুলক লিজত দিবলৈ অনুমোদন জনাইছে

•AMUL এ প্ৰতিদিনে ১ লাখ লিটাৰ ক্ষমতাৰে এই প্ৰচেছিং ইউনিটটো স্থাপন কৰিব যাৰ মূল্য প্ৰায় 75 কোটি টকা।যিটো 150 কোটি টকালৈকে যাব পাৰে

•এই উদ্যোগটোৱে প্ৰায় ২০ হাজাৰ দুগ্ধ পালকক উপকৃত কৰিব আৰু এডভান্টেজ আছাম ২.০ৰ সময়ত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অংশ

ৰাইজৰ বাবে ৰাজসাহায্যযুক্ত খাদ্যশস্য
•মন্ত্ৰীসভাই ২০২৫ চনৰ অক্টোবৰৰ পৰা নিৰ্বাচিত জিলাসমূহত আৰু ২০২৫ চনৰ নৱেম্বৰৰ পৰা সকলো জিলাতে ৰাজসাহায্যযুক্ত মাছুৰ দল, চেনি আৰু নিমখ এন এফ এছ এৰ হিতাধিকাৰীসকলক বিতৰণৰ বাবে অনুমোদন জনাইছে

•গ্ৰাহকে ব্যক্তিগত সামগ্ৰী ক্ৰয় কৰাৰ পছন্দ নিশ্চিত কৰিবলৈ প্ৰতিটো সামগ্ৰী পৃথক পেকেটত প্ৰদান কৰা হ’ব

•চৰকাৰৰ ৰাজসাহায্যৰ পিছত গ্ৰাহকৰ বাবে চূড়ান্ত খৰচ হ’ব:
মাছুৰ দালি – 69/- টকা
চেনি – 38/- টকা
নিমখ – 10/- টকা

বিনিয়োগ আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত বুষ্ট
•ৰাজ্যত ব্যক্তিগত বিনিয়োগ বৃদ্ধি আৰু অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিবলৈ কেবিনেটে আই আই পি এৰ অধীনত ২টা প্ৰস্তাৱত অনুমোদন জনাইছে।

•মুঠ বিনিয়োগ ব্যয় ২৪৫৭.৯৮cr

•চাকৰিৰ সুযোগ: ১০০০ লোক

আইচিটি প্ৰশিক্ষকৰ ভৱিষ্যত সুৰক্ষিত

•ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত ১,৩১৩ জন অংশকালীন আইচিটি প্ৰশিক্ষকৰ মাহিলী সন্মানীয় ধন ২০২৫ চনৰ অক্টোবৰৰ পৰা ২০,০০০ টকালৈ বৃদ্ধি কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে

•প্ৰশিক্ষকসকলৰ বাবে ৬০ বছৰ বয়সলৈকে সেৱাৰ নিশ্চয়তা বৃদ্ধিৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনাইছে

•আপোন ঘৰ আৰু অপুন বাহান আঁচনিৰ লগতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবেও আইচিটিৰ কৰ্মচাৰীসকল যোগ্যতা অৰ্জন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *