...

কলিয়াবৰৰ কুঁৱৰীটোলৰ চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া “জুবিন ক্ষেত্ৰ”ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন

Spread the love

 

 

কলিয়াবৰৰ কুঁৱৰীটোলৰ চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া “জুবিন ক্ষেত্ৰ”ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন

 

নগাঁও:-

নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ অব্যৱহৃত চৰকাৰী ভূমিত নিৰ্মাণ হ’বলগীয়া “জুবিন ক্ষেত্ৰ”ত হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিনৰ আয়োজন। কলিয়াবৰত জুবিন গাৰ্গৰ ওপজা দিৱস পালন সম্পৰ্কত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত আজি এক ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । আজি‌ কলিয়াবৰৰ প্ৰায় ৯৫টা সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি নৱীন বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতেই ৰহস্যজনক পৰিস্থিতিত মৃত্যু বৰণ কৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই। সভাত বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থতে কলিয়াবৰৰ বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনি আগন্তুক ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটো কেন্দ্রীয়ভাৱে উদ্‌যাপনৰ বাবে ৰাইজৰ সহযোগ বিচাৰি ভাষণ আগবঢ়ায়। কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখৰ অব্যৱহৃত হৈ পৰি থকা চৰকাৰী ভুমিখণ্ডত “জুবিন ক্ষেত্ৰ” ৰূপে নামাকৰণ কৰি নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গক জীয়াই ৰখাৰ পৰিকল্পনা ব্যক্ত কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কিতাপৰ বন্ধু, গছ-গছনি,জীৱ-জন্তুৰ বন্ধু জুবিন গাৰ্গৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত সজীৱ কৰাৰো চিন্তা-চৰ্চা কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত মণি মাধৱ মহন্তই আগন্তুক ১৮ নৱেম্বৰত উক্ত স্থানতে দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ওপজা দিনটো উদ্‌যাপন কৰা সম্পৰ্কেও বক্তব্য আগ বঢ়ায়। সেই দিনটোত সমূহীয়াভাৱে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এহেজাৰ গায়ন-বায়নৰ দ্বাৰা মাংগলিক কাৰ্য শুভাৰম্ভ,সহস্ৰাধিক মহিলা যুৱতীৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু দহ হাজাৰ লোকৰ দ্বাৰা সমস্বৰে “মায়াবিনী” গীতটি পৰিৱেশন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগতে উক্ত কাৰ্যসূচী পৰিচালনা কৰিবৰ বাবে মন্ত্ৰী কেশৱ মহন্তক সভাপতি,মৃণাল কুমাৰ হাজৰিকাক কাৰ্যকৰী সভাপতি ৰূপে এখনি পৰিচালনা সমিতি গঠন কৰি দিয়ে। সভাত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকা,কলিয়াবৰ লেখিকা সমাৰোহ সমিতি সভানেত্ৰী‌ সন্ধ্যা খাউণ্ড,আটছাৰ মহেন্দ্ৰ নায়ক,বড়ো সমাজৰ,মুক্তি যুঁজাৰু সন্মিলনীৰ অপূৰ্ব কুমাৰ বৰদলৈ,কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰকে প্ৰমূখ্য কৰি ভালেকেইজন লোকে ওপজা দিনটো উদ্‌যাপনৰ সন্দৰ্ভত মন্তব্য আগ বঢ়ায়। আজিৰ সভাত উপস্থিত থকাসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে। লগতে কলিয়াবৰৰ দীৰ্ঘদিনীয়া এক “চিনেমা হল” নিৰ্মাণৰ বিষয়টোও আলোচনাত স্থান পায়।

Leave a Reply

Your email address will not be published. Required fields are marked *