...

দহ হাজাৰ এগছি চাকি জ্বলিল জুবিনৰ জন্মদিনত শ্বহীদৰ পূণ্যস্থলীত,৫৩ জোপা নাহৰ ৰোপণ

Spread the love

 

দহ হাজাৰ এগছি চাকি জ্বলিল জুবিনৰ জন্মদিনত শ্বহীদৰ পূণ্যস্থলীত,৫৩ জোপা নাহৰ ৰোপণ

 

#তিনিদিনীয়াকৈ উদযাপন জুবিন গাৰ্গৰ জন্মদিন

নগাঁও:-

সমগ্ৰ ৰাজ্যতে মঙলবাৰে উদযাপন কৰা হয় জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। বাদ পৰি ৰোৱা নাই নগাঁৱো৷ নগাঁও জিলাৰ শ্বহীদৰ পূণ্যস্থলী হিচাপে পৰিচিত বঢ়মপুৰত স্থানীয় ৰাইজৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন। প্রিয় শিল্পীগৰাকীৰ অবিহনে ৰাজ্যবাসীয়ে উদযাপন কৰা জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন নগাঁৱৰ বঢ়মপুৰবাসীয়ে উদযাপন কৰিছে ব্যাপক আয়োজনেৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰৰ পৰা উদযাপন কৰা প্রিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে প্ৰথমদিনা পুৱাই উলিওৱা এক বিশাল শোভাযাত্ৰাত অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসহ স্থানীয় তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।‌‌ সন্ধিয়া “পোহৰৰে চাকিগছি” নামেৰে এক কাৰ্যসূচী আয়োজন কৰা হয়,য’ত স্থানীয় লোকৰ ব্যৱস্থাপনাত দহ হাজাৰ এগছি বন্তি প্ৰজ্বলন কৰা হয়। বঢ়মপুৰৰ বিশাল খেলপথাৰত স্থানীয় লোকে দহ হাজাৰ এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে জুবিন গাৰ্গৰ গীতেৰে মুখৰিত হৈ পৰে সমগ্ৰ বঢ়মপুৰ অঞ্চলটো‌। “পোহৰৰে চাকিগছি” নামৰ কাৰ্যসূচীত বঢ়মপুৰ অঞ্চলৰ শিশু, যুৱক-যুৱতী,মহিলাৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে সকলোৱে অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ নামত বন্তি প্ৰজ্বলন কৰি আৱেগিক হৈ পৰে প্ৰতিগৰাকী জুবিন অনুৰাগী। জুবিন গাৰ্গ সদায় সকলোৰে হৃদয়ত থাকিব বুলি উল্লেখ কৰি উচুপি উঠে এগৰাকী মহিলা ৷ জুবিন গাৰ্গৰ তিনিদিনীয়া জন্মদিন উদযাপনৰ অন্যতম উদ্যোক্তা তথা জনপ্ৰিয় শব্দ অভিযন্তা দেৱজিৎ গায়নে জনোৱা মতে,“প্ৰথমদিনা দহ হাজাৰ এগছি বন্তি প্ৰজ্বলনেৰে পোহৰৰে চাকিগছি উদযাপন কৰাৰ পাছত দ্বিতীয়দিনা প্রিয় শিল্পীগৰাকীৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে ৫৩ জোপা নাহৰ ৰোপণ কৰিব বঢ়মপুৰবাসীয়ে। একেদৰে তৃতীয় দিনা ৰাজ্যৰ বহু জনপ্ৰিয় শিল্পীৰ সমাহাৰৰে উদযাপন কৰা হ’ব “জুবিন-জোনাক সন্ধ্যা”। য’ত জুবিন গাৰ্গৰ জীৱন দৰ্শন তথা সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰা হ’ব ।”
আনহাতে নগাঁৱৰ সৃষ্টিশীল গোষ্ঠীৰ উদ্যোগত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে উদযাপন কৰা হয় প্রিয় শিল্পীগৰাকীৰ জন্মদিন। মংগলবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰত অনুষ্ঠিত হয় এই‌ সৰ্বধৰ্মীয় প্ৰাৰ্থনা,য’ত নাম-প্ৰসংগৰ পৰা ইছলাম ধৰ্মৰ কোৰাণ পাঠো কৰা হয়। কোৰাণ পাঠ সম্পন্ন হোৱাৰ পাছত নিশা দোৱা‌ তথা প্ৰাৰ্থনাও অনুষ্ঠিত হয়। প্ৰিয় শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা কৰা হয় জন্মদিনত।‌‌ সৰ্বধৰ্মীয় প্রার্থনাৰে সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰি অন্যতম উদ্যোক্তা তথা জুবিন অনুৰাগী শিক্ষয়িত্ৰী জিন্নাৰ বৰবৰা কয়,“জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ অনুষ্ঠিত কৰাৰ দিনাই আমি চিন্তা কৰিছিলোঁ জুবিন দাৰ জন্মদিন উদযাপনৰ বাবে। কোনো কমিটী নোহোৱাকৈ আমি সকলোৱে দায়িত্ব লৈ আগবাঢ়ি গৈছোঁ । আজি আমি স্থানীয় লোকে সৃষ্টিশীল গোষ্ঠীৰ সৌজন্যত প্ৰথমে বন্তি প্ৰজ্বলন কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিছোঁ। কাৰণ জুবিন গাৰ্গেই কৈ গৈছিল যে তেওঁৰ কোনো জাতি নাই,ধৰ্ম নাই। সেয়ে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰিছোঁ। লগতে জুবিন গাৰ্গে শিশুক বৰ ভাল পাইছিল । যাৰ বাবে আমি এজাক শিশুক লৈ জুবিন দাৰ ওপজা দিনৰ কেক কটাৰ ব্যৱস্থা কৰিছোঁ ।” সৰ্বধৰ্মীয় প্রার্থনৰে উদযাপন কৰা জুবিন গাৰ্গৰ জন্মদিনৰ কাৰ্যসূচীত নগাঁৱৰ বহু কেইবা গৰাকী বিশিষ্ট ব্যক্তি সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *