...

নগাঁৱৰ কলিয়াবৰত জুবিন গাৰ্গৰ জন্মদিনত ভক্তিময় পৰিৱেশ

Spread the love

নগাঁৱৰ কলিয়াবৰত জুবিন গাৰ্গৰ জন্মদিনত ভক্তিময় পৰিৱেশ

পৰিত্যক্ত চৰকাৰী ভূমি প্ৰাণৰ শিল্পীৰ স্মৃতিত ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা

নগাঁও,

 

 

 

নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলত “Zubeen Greens” নামেৰে ৪বিঘা চৰকাৰী ভূমি জুবিন গাৰ্গৰ চৰ্চাৰ বাবে উৎসৰ্গা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। প্ৰয়াত শিল্পীগৰাকীৰ ওপজা দিনটো কলিয়াবৰৰ ১২২টা জাতীয় সংগঠনৰ উদ্যোগত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কুঁৱৰীটোলত উদযাপন কৰা হয় “জাতীয় স্বাভিমান দিৱস” হিচাপে। ৫৩টা নাহৰ গছৰ পুলি ৰোপণেৰে অসমৰ সংগীত আকাশৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ ওপজা দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৫৩টা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে। এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয় যে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত প্ৰথমটো ওপজা দিনত আজি কলিয়াবৰবাসীয়ে কলিয়াবৰৰ ১২২টা বিভিন্ন জাতীয় দল-সংগঠন,সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান একত্ৰিত হৈ যি কাৰ্যসূচীৰ আয়োজন কৰিলে আমি প্ৰত্যেকেই প্ৰত্যক্ষ কৰিছোঁ।

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ দিনা ৫৩ টা নাহৰ গছৰ পুলি ৰোপণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। তদুপৰি গায়ন-বায়ন,আইসকলৰ দিহানামৰ লগতে গীত-মাতেৰে সোঁৱৰণ কৰা হৈছে। আজি কলিয়াবৰৰ বাবে এক উল্লেখনীয় দিন আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে এই অনুষ্ঠান পালনৰ স্থানক “Zubeen Greens” (জুবিন গ্ৰীণছ্) নামেৰে কলিয়াবৰীয়া ৰাইজলৈ উৎসৰ্গা কৰা হৈছে। যাতে নতুন প্ৰজন্মই জুবিনৰ প্ৰেৰণাৰে জুবিনক আমাৰ মাজত জীয়াই ৰাখে। ই কলিয়াবৰবাসীয়ে নতুন প্ৰজন্মলৈ দিয়া এক উপহাৰ।” অনুষ্ঠানত “ব্ৰহ্মা আদি কৰি জীৱ যত” (ঘোষা),পাঁচশ গায়ন-বায়নৰ মংগলাচৰণ,তিনি হাজাৰ আই মাতৃৰ দিহানাম,জিকিৰ-জাৰি,অসমীয়াৰ লগতে বড়ো,কাৰ্বি,বাগানীয়া,নেপালী, বঙালী ভাষাত ‘মায়াবিনী’ আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীতাংশ পৰিৱেশন কৰা হয় । এই অনুষ্ঠানতে পৰিত্যক্ত হৈ থকা চৰকাৰী ভূমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰে মন্ত্ৰী কেশৱ মহন্তই। জন্মদিন উদযাপনত জুবিন গাৰ্গক যুগমীয়া কৰি ৰাখিবলৈ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়সমূহ যুগুতাই প্ৰকাশ কৰা হয় এক পুস্তিকা। প্ৰস্তাৱিত জুবিন গ্ৰীণছ সৃষ্টিয়ে চৰ্চাৰ এক বাট মুকলি কৰিব বুলি সকলোৱে অনুষ্ঠানত আশা প্ৰকাশ কৰে৷ জুবিন গাৰ্গৰ বহুকেইটা যুগমীয়া গীত কলিয়াবৰৰ নৱপ্ৰজন্মৰ গায়ক-গায়িকাই পৰিৱেশন কৰাৰ লগতে উপস্থিত ৰাইজ আৰু গায়ক-গায়িকাই পৰিৱেশন কৰে অসমীয়াৰ লগতে‌ বড়ো,বঙালী, নেপালী ভাষাত ‘মায়াবিনী’

Leave a Reply

Your email address will not be published. Required fields are marked *