...

জুবিনৰ আধৰুৱা সপোন পূৰণ কৰিব জেদ ডট অৰ্গে

Spread the love

 

জুবিনৰ আধৰুৱা সপোন পূৰণ কৰিব জেদ ডট অৰ্গে

 

৩৩ বছৰৰ পিছত পুনৰ আত্মপ্ৰকাশ জুবিনৰ প্ৰথম মিউজিক বেণ্ড Z.orG
ডিব্ৰুগড়ৰ গ্ৰণ্ঠ মেলাৰ জাৰৰ নিশা মুকলি জেদ ডট অৰ্গ
আৱেগিক হৈ পৰিল অতিত ৰোমন্থন কৰি
নলবাৰীৰ পাৰ্থপ্ৰতিমৰ গীতত সন্মোহিত দৰ্শক

*বিভাস দুৱৰা*

জাৰৰ নিশা জীপাল হৈ পৰিল সমগ্ৰ ডিব্ৰুগড়। প্ৰাণ পাই উঠিল জুবিন নামৰ সত্বাটো। প্ৰাণৰ শিল্পীগৰাকীৰ একালৰ সংগীত সহযোগীৰ ঐকান্তিক প্ৰচেষ্টাত যেন পুনৰ প্ৰাণ পালে জুবিনে।হয়,ডিব্ৰুগড়ৰ চতুদশ গ্ৰন্থ মেলাৰ বাকৰিত পুনৰাই প্ৰাণ পাই উঠিল জুবিনৰ জীৱনৰ প্ৰথমটো মিউজিক বেণ্ড। এক নতুন পৰিচয়ৰে, এক নতুন উদ্যমৰে,এক নতুন চিন্তাৰে।
“জুবিন বৰ বুদ্ধিয়ক আছিল,কিন্তু সি চতুৰ নাছিল।মানুহক ঠগিব জনা নাছিল।”এই মন্তব্য জুবিনৰ প্ৰথম মিউজিক বেণ্ডৰ সহযোগী তথা বৰ্তমানে মুম্বাইত সুপ্ৰতিস্থিত ডিব্ৰুগড়ৰ সংগীত শিল্পী ডনী হাজৰিকাৰ।ডিব্ৰুগড়ৰ চতুৰ্দশ ডিব্ৰুগড় গ্ৰণ্ঠ মেলাত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশিষ্ট শিল্পী গৰাকীয়ে সমূহ ৰাইজৰ আগত প্ৰকাশ কৰে যে জুবিনক জীয়াই ৰাখিবলৈ হলে,জুবিনৰ সকলো ভাল কম বিলাক আমি সমাজৰ প্ৰতিটো স্তৰতে বিলাই দিব পাৰিব লাগিব।তেতিয়াহে জুবিন আমাৰ মাজত চিৰকাল,চিৰদিন জীয়াই থাকিব।আনহাতেদি জুবিনৰ মেনেজাৰৰ প্ৰসংগত সংগীত শিল্পী ডনী হাজৰিকাই পুনৰাই কয় যে জুবিনক সকলোৱেই ঠগিছিল।প্ৰডিউচাৰে গান গোৱাই টকা নিদিছিল আৰু এনেদৰেই বহু অনুষ্ঠানে।সেয়ে জুবিনৰ মাকে নিষ্ঠাবান জয়ন্ত বৰদলৈক,জুবিনৰ কাম-কাজবোৰ চাবৰ বাবে দায়িত্ব দিছিল আৰু তেতিয়াৰে পৰাই জুবিনৰ মেনেজাৰ স্বৃষ্টি হল বুলিও উল্লেখ কৰে।সুমন দত্ত আৰু মৈত্ৰেয়ী ফুকনে আঁত ধৰা অনুষ্ঠানটোত পৰিবেশনৰ পূৰ্বে জুবিনৰ প্ৰথম মিউজিক বেণ্ড ‘একচেট্ৰা’ৰ সংগীত শিল্পী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত বিশিষ্ট কবি,লেখক আৰু চিকিৎসক ডঃ প্ৰনয় ফুকনে জুবিনৰ একালৰ সমূহ সংগীত শিল্পীক আদৰণি জনাই জুবিন নামৰ সত্বাটোক জীয়াই ৰাখিবলৈ সকলোৱেই প্ৰচেষ্টা লোৱাৰ কথা চমু ভাষণত উল্লেখ কৰে।
উল্লেখযোগ্য যে ‘৯০ দশকত জুবিন গাৰ্গে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা।প্ৰায় ৩৩ বছৰৰ পূৰ্বে সেই সাংস্কৃতিক সহযোগীৰ সৈতে জুবিন গাৰ্গৰ দলটোৰ নাম আছিল “Eksetra Band”।কেনেকৈ সংগীতৰ যাত্ৰা আৰম্ভণি কৰিছিল জুবিন গাৰ্গে।সেই বিষয়েও
কৈ গ’ল ৯০ দশকৰ সাংস্কৃতিক সহযোগীসকলে নিয়ৰ সৰা,জাৰৰ নিশা ডিব্ৰুগড়ৰ গ্ৰণ্ঠ মেলাৰ বাকৰিত।কালি উমাল সন্ধিয়া জুবিনময় হৈ পৰিল চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ বাকৰিত অগণন লোকৰ ভীৰ।বহু সহস্ৰাধিক লোকে অভূতপূৰ্ব ভীৰ কৰিলে জুবিনৰ আৰম্ভণিক জানিবলৈ -শুনিবলৈ।জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড একচেট্ৰা ৩৩ বছৰৰ পিছত পুনৰ ডিব্ৰুগড়ত হ’ল আত্মপ্ৰকাশ।জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ডৰ মূল সদস্য ডনী হাজৰিকা,দুদুল শইকীয়া, চবিন কুমাৰ দাস(ৰাবু) ,ভাস্কৰ শইকীয়া(ৰীতু),প্ৰথম মেনেজাৰ জয়ন্ত বৰদলৈ, শান্তনু

বৰঠাকুৰে ১৮ ডিচেম্বৰত ডিব্ৰুগড়ত নতুন ৰূপেৰে বেণ্ডটো পুনৰ মুকলি কৰে।
যি খবৰে এতিয়া ৰাজ্যতে লাভ কৰিছে চৰ্চা।জেদ ডট অৰগ্ (Z. or G) নামেৰে বেণ্ডটোৰ শুভাৰম্ভ কৰে। য’ত Z মানে জুবিন, G গাৰ্গক বুজাইছে।উল্লেখ্য যে জুবিনৰ প্ৰথম বেণ্ডৰ সদস্য ভাস্কৰ ৰাজকোঁৱৰ(ঢোলক বাদক)ৰ ইতিমধ্যেই পৰলোক ঘটিছে।কালি নিশা জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ডৰ মূল সদস্য সকল আনুষ্ঠানিকভাৱে ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত জুবিন গাৰ্গৰ সোৱঁৰণত নতুন ৰূপেৰে বেণ্ডটোক পুনৰ মুকলি কৰি পৰিবেশন কৰা অনুষ্ঠানে আবেগিক কৰি তুলিলে সকলোকে।
জুবিনৰ ভালেকেইটা গীত পৰিৱেশন, নিজৰ সৈতে জুবিনৰ তাহানিৰ সান্নিধ্যক সুঁৱৰি কৰা অনুষ্ঠানতে উপস্থিত থাকে মিউজিক এৰেঞ্জাৰ দিগন্ত শৰ্মা আৰু সংগীত শিল্পী দিগন্ত ভাৰতী।
ইতিমধ্যে নতুন বেণ্ডটোৰ প্ৰাৰম্ভিক সৃষ্টিশীল কাম আৰু ফিড-মেকিং বৰ্তমান মুম্বাইত প্ৰস্তুত কৰি থকা হৈছে।জুবিনৰ প্ৰথম মেনেজাৰ জয়ন্ত বৰদলৈয়ে কয় যে জুবিন এই বেণ্ডটোৰ আত্মা আৰু আমিবোৰ অংগ।আমি জীয়াই থকালৈ জুবিন গাৰ্গ সদায়েই আমাৰ মাজত জীয়াই থাকিব।বেণ্ডৰ আন এগৰাকী সদস্য চবিন কুমাৰ দাসে কয় যে জুবিনে যিদৰে নতুন নতুন প্ৰতিভাৰ সন্ধান কৰি ৰাইজৰ আগত উলিয়াই আনিছিল, আমিও সেই প্ৰতিভাবান শিল্পীক এই মঞ্চ(বেণ্ড) প্ৰদান কৰিম আৰু বিনামূলীয়াকৈ শিল্পী সকলে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাৰ অৱকাশ থাকিব।তাৰ প্ৰমাণ স্বৰূপে আজিৰ এই বেণ্ডটোত নলবাৰীৰ পাৰ্থপ্ৰতিম বৈশ্যই পৰিৱেশন কৰিলে জুবিনৰ হিন্দী আৰু অসমীয়া গীত। উল্লেখ্য যে, জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড ১৯৯২ চনত ডিব্ৰুগড়ত গঠন হৈছিল আৰু সেই সময়তে এক বিশেষ আলোড়ন সৃষ্টি কৰিছিল বেণ্ডটোৱে। সেই স্মৃতি ৰোমন্থন কৰি জুবিনৰ অবৰ্তমানত ডিব্ৰুগড়তেই পুনৰ জেদ ডট অৰগ আত্মপ্ৰকাশ কৰি জুবিনৰ বিভিন্ন আধৰুৱা কাম কৰি যোৱাৰ চেষ্টা কৰিব বুলি ঘোষণা কৰে।অনুষ্ঠানত সুমন দত্তৰ সম্পাদনাত জুবিন গাৰ্গৰ স্বৃষ্টি আৰু দৰ্শণ নামৰ এক গ্ৰণ্ঠ উন্মোচন কৰে বিধায়ক পোণাকন বৰুৱাই।ডিব্ৰুগড় গ্ৰন্থমেলাত অনুষ্ঠিত এই অনুষ্ঠানে উপস্থিত ৰাইজৰ মাজত গভীৰ নষ্টালজিয়াৰ সৃষ্টি কৰে। যিসকল লোকে কেৰিয়াৰৰ আৰম্ভণিৰে পৰা জুবিনক অনুসৰণ কৰি আহিছিল, তেওঁলোকৰ বাবে এয়া আছিল এক বিৰল মুহূৰ্ত। এই অনুষ্ঠানে পুনৰবাৰ প্ৰমাণ কৰিলে যে জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নহয়, তেওঁ আছিল অসমীয়া পৰিচয়ৰ এক অবিচ্ছেদ্য অংশ।এই ঐতিহাসিক অনুষ্ঠানত তেওঁলোকে জুবিন গাৰ্গৰ পুৰণি বেণ্ডটোক “Z.Org” (জেড ডট অৰ্গ) অৰ্থাৎ “জুবিন অৰ্গেনিক” (Zubeen Organic) নামেৰে এক নতুন ৰূপত মুকলি কৰে। ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ তিনিমাহৰ পাছত আয়োজিত এই পুনৰুত্থানে প্ৰয়াত কিংবদন্তি শিল্পীগৰাকীৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *