বিশ্ব কিক্-বক্সিং প্ৰতিযোগীতালৈ বিলাসীপাৰাৰ নয়নজিত
বিলাসীপাৰা:
বিশ্ব কিক্-বক্সিং ৰিঙত নামিব ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ বিলাসীপাৰা সমজিলাৰ নৱজিত ৰায়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীতাত নিজৰ নাম সন্নিবিষ্ট কৰি নৱজিতে ৰাজ্যখনৰ লগতে পশ্চিম অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।এই বাতৰি বিয়পি পৰাৰ লগে লগে নামনি অসমৰ ক্ৰীড়াপ্ৰেমীক উৎফুল্লিত কৰি তোলা পৰিলক্ষিত হৈছে।উল্লেখ্য যে,বিশ্ব কিক্-বক্সিং সন্থাই আন্তঃৰাষ্ট্ৰীয় কিক্-বক্সিং ২০২৫ প্ৰতিযোগিতাখন এইবাৰ ইউ এ ই’ৰ আবু ধাবিত অহা ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত কৰা হব।এই প্ৰতিযোগীতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ আজুৰি আনিবলৈ সক্ষ্যম হৈছে বিলাসীপাৰাৰ বিশ্বমিত্ৰ ৰায় আৰু সবিতা ৰায়ৰ তৃতীয় পুত্ৰ নয়নজিত ৰায়ে।উল্লেখ্য যে,ইতিমধ্যে ছত্তিশগঢ়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাজনো খেলুৱৈ অংশগ্ৰহণ কৰিছিল।এই প্ৰতিযোগীতাত নয়নজিতে