...

ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত দুশ ফুট উচ্চতাত শ্ৰমিক নিয়োজিত

Spread the love

ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত দুশ ফুট উচ্চতাত শ্ৰমিক নিয়োজিত

কোনো ৰক্ষাকবচ নাই :সকলোৰেই চকু কপালত তুলিছে,তীব্ৰ প্ৰতিক্ৰিয়া

মানব অধিকাৰ আইন চূড়ান্ত ভাবেই উলংঘা

চাইন অন ডেস্ক:

সামান্য কেইটামান টকাৰ বাবেই নিজ জীৱনকো তুচ্ছ জ্ঞান কৰি অতি বিপদজনক স্থানত কৰ্মৰত হল শ্ৰমিক। প্ৰায় দুশ ফুট উচ্চতাত কোনো ৰক্ষাকবচ নোলোৱাকৈয়েই ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত শ্ৰমিকৰ কামত নিয়োজিত দৃশ্যই সকলোৰেই চকু কপালত তুলিছে।মৰসাহ বা দুঃসাহসিক কামৰ আখ্যা দিলেও,কিন্তু মানব অধিকাৰ আইন চূড়ান্ত ভাবেই উলংঘা কৰা বুলিও ব্যাপক চৰ্চা লভিছে।
জিলাখনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন তথা ডিব্ৰুগড় জিলাৰ সৈতে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী বগীবিল দলঙৰ মাজত প্ৰায় দুশফুট উচ্চতাত বিপদ সংকূলভাৱে সামান্য এডাল বাঁহক জীৱনৰ সাৰথি কৰিয়েই শ্ৰমিকক নিয়োজিত কৰা কাৰ্যত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বগীবিল দলঙৰ দুশফুট উচ্চতাত এডাল বাঁহেৰে বগাই অতি শিহৰণকাৰী তথা বিপদাপন্ন অৱস্থাত শ্ৰমিকক কোনো সুৰক্ষা কৱচ প্ৰদান নকৰাকৈ দলঙৰ ৰঙ কৰা কামত নিয়োজিত কৰিছে।উল্লেখ্য যে দলঙৰ তলত আছে ৰেলপথ আৰু তাৰ তলতেই আছে ফেনে ফুটুকাৰে উফন্দি উঠা,চিৰ প্ৰবাহিত মহাবাহু ব্ৰহ্মপুত্ৰ।
যদিও সামান্য এডাল বাঁহত বগাই শ্ৰমিক নিয়োজিত কৰি দলংখন ৰঙ সানিবলৈ দিয়া কাৰ্যক ৰাইজে গৰিহণা দিছে।যিকোনো মূহুৰ্তত সামান্য অসাৱধান আৰু অন্যমনস্ক হ’লেই বগীবিল দলঙত বাহঁৰ ওপৰেৰে বগাই ৰঙ কৰা শ্ৰমিক পিচলি ৰেললাইন বা মহাবাহু ব্ৰহ্মপুত্ৰ নদীত পৰি জীৱনৰ যৱনিকা হোৱাৰো তীব্ৰ আশ্ংকা ঘনীভূত হৈছে।কিন্তু শ্ৰমিকৰ কোনো নুন্যতম সুৰক্ষা প্ৰদান নকৰাকৈ ৰঙ জানিবলৈ বিপদাপন্ন অৱস্থাত শ্ৰমিকক নিয়োজিত কৰি শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলিছে বুলিও স্থানীয় ৰাইজে অভিযোগ প্ৰকাশ কৰিছে। চেফটি বেল্ট,চেফটি জেকেট,হেলমেট,বুট, আৰু চেফটি হুক অবিহনে সামান্য এডাল বাঁহত বগাই দুশ ফুট উচ্চতাত অৱস্থিত দলঙখনত ৰঙ কৰিবলৈ শ্ৰমিক নিয়োজিত কৰা কাৰ্যক লৈ সচেতন মহলৰ উপৰিও শ্ৰমিক সংগঠন সমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰমিক নিয়োজিত কৰা ঠিকাদাৰ বিৰূদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলা আয়ুক্ত, ডিব্ৰুগড় জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি ডিব্ৰুগড় জিলাৰ প্ৰশাসনক সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে। ভৱিষ্যতে যাতে বগীবিল দলঙৰ কৰ্মৰত শ্ৰমিকক সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰে নিয়োজিত কৰা হয় তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে বিভাগৰ মন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী, তথা ডিব্ৰুগড় সাংসদ ও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ প্ৰতিও শ্ৰমিক সংগঠন আৰু সচেতন ৰাইজে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *