...

ডিব্ৰুগড়ত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে জিলা পৰ্যায়ৰ সজাগতা কাৰ্যসূচী চাইন অন ডেস্ক:

Spread the love

 

ডিব্ৰুগড়ত মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে জিলা পৰ্যায়ৰ সজাগতা কাৰ্যসূচী

 

চাইন অন ডেস্ক:

মানৱ সৰবৰাহ আৰু ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত তথা জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰ , নাহৰকটীয়া সমজিলাৰ সমজিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আয়ুক্ত বিৰাজ বৰুৱা, ডিব্ৰুগড় জিলাৰ সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰা আৰু ডিব্ৰুগড় জিলা শিশু সুৰক্ষা বিষয়া এলেক্স দলে।

এই সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অধিবক্তা অলক কৰ দুৱৰা আৰু শিশু সুৰক্ষা সমিতিৰ সদস্যা ৰুপা কৌৰ। সজাগতা সভাত অংশগ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া সকল, জিলা খনৰ বিভিন্ন আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকল, গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধি সকল, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মুখ্য সেৱিকা আৰু অংগনবাড়ী কৰ্মী সকল আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলে। জিলা সমাজ কল্যাণ বিষয়া শ্ৰীযুত প্ৰশান্ত বৰাই আদৰণি ভাষণ তথা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলৰ লগতে সমল ব্যক্তি সকলে মানৱ সৰবৰাহ আৰু ডাইনী হত্যা লগতে ইয়াৰ লগত জড়িত থকা লোকাচাৰ , অন্ধ-বিশ্বাস, কু-সংস্কাৰ আইনী প্ৰক্ৰিয়া ইত্যাদিবোৰৰ ওপৰিও এই সামাজিক ব্যাধি সমূহক প্ৰতিহত কৰাৰ উপায় সম্পৰ্কে বিস্তাৰিতভাৱে বক্তব্য ৰাখে।

সকলো সদাশয় ব্যক্তি তথা বিষয়ববীয়া সকলৰ উপস্থিতি আৰু অংশগ্ৰহণেৰে আজিৰ এই অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *