...

২০০৬ ৰ পুনৰাবৃত্তি ঘটিব নেকি?

Spread the love

২০০৬ ৰ পুনৰাবৃত্তি ঘটিব নেকি?

দলগাঁৱত কংগ্ৰেছীৰ ক্ষোভৰ উদ্গীৰণ !

এ আই ইউ ডি এফক ৱাক অভাৰ দিয়াৰ অভিযোগ
চাইন অন ডেস্ক:

দৰঙৰ দলগাও সমষ্টিত আশংকা কৰা মতেই কংগ্রেছৰ প্রার্থীত্ব প্রত্যাশী সকল ৰাজনৈতিক চক্রান্তৰ বলিৰ পঠা হল বুলি ক্ষোভৰ উদ্গীৰণ ঘটিছে । কংগ্রেছৰ দলগাঁৱৰ দলীয় আসন ৰাইজৰ দলক এৰি দি এক প্রকাৰ চিৰবৈৰি এ আই ইউ ডি এফক ৱাক অভাৰ দিলে বুলি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে I ক্ষোভ অনুসৰি সমষ্টি খনত বিগত কেবাটাও বিধান সভা নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজতে তীব্র প্রতিদ্বন্দিতা হৈ আহিছে I আৰু যোৱা বিধান সভা নির্বাচনৰ দলগাঁৱৰ আসন খন কংগ্রেছে হেৰুৱায় যদিও দলীয় কৰ্মীৰ অশেষ কষ্টৰ ফলত সমষ্টি খনত দলীয় ভেটিৰ যোৱা পঞ্চায়ত নির্বাচনত পুনৰ উত্থান ঘটে । যাৰ ফলত বিধান সভা আসনৰ প্রার্থীত্বৰ বাবে প্রায় ১৪ জনকৈ প্রার্থীয়ে আবেদন কৰে । তাৰ ভিতৰত ৰেকিব উদ্দিন আৰু আইনুল হকে দাবীদাৰৰ শীর্ষত থাকি বাৰুকৈ তন ,মন ,ধন, সময় খৰচ কৰে । দলীয় কর্মী সকলেও সমষ্টি খন গণ ভিত্তি নথকা দলক এৰি নিদিবলৈ ধর্না অৱস্থান কৰি স্থানীয় প্রার্থীক প্রার্থীত্ব দিয়াৰ দাবীত অটল থাকে I পিছে এই সকলো আওকান কৰি মাহ যোৰা চর্চা ও আশংকা অনুসৰিয়ে কালি দলীয় কতৃত্বই আসন খন ৰাইজৰ দলক এৰি দিয়াৰ কথা ঘোষণা কৰে । লগে লগে সৃষ্টি হয় সমষ্টিৰ কংগ্রেছত ক্ষোভৰ উদ্গীৰণ।আইনুল হকক নির্দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰি ২০০৬ চনৰ পুনৰাবৃত্তি ঘটাৰ উকমুকনিৰে সমাগম, ৰেলি, উদাত্ত ভাষণ সম্বলিত কংগ্রেছী ৰাইজৰ আবেগৰ ধুমুহা ববলৈ ধৰিছে। মনোনয়ন দাখিল পর্ব সমাপ্তিৰ পিছত হে স্পষ্ট হ’ব সকলো কুচ কাৱাজৰ ৰেহ ৰূপ।

Leave a Reply

Your email address will not be published. Required fields are marked *