ছয় জনগোষ্ঠী জনজাতিকৰণ হবগৈ নে ?
আলোচনা হোৱা নাই কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ!
“যোৱা তিনি বছৰত জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই”
চাইন অন ডেস্ক:

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই। আজি লোকসভাত কেন্দ্রীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্রী দুর্গাদাস উইকীয়ে এই কথা জানিবলৈ দিয়ে। সদনৰ প্রশ্নোত্তৰকালত সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্রীজনে লগতে এয়াও জনায় যে অন্তত যোৱা তিনি বছৰত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰৰ সৈতে তেওঁৰ বিভাগটোৰ কোনো ধৰণৰ আলোচনা হোৱা নাই। সেয়েহে জনজাতিকৰণক লৈ কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱাৰ কোনো অবকাশ নাই। আনহাতে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্রীয় চৰকাৰে কোনো পদক্ষেপ গ্রহণ কৰিছে নে নাই তথা জনজাতিকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰিবলৈ যত্ন লৈছে নে নাই বুলি সাংসদ হুছেইনে উত্থাপন কৰা প্রশ্নও মন্ত্রী উইকীয়ে এৰাই চলা পৰিলক্ষিত হয়।
ইয়াৰ পৰিৱর্তে জনজাতিকৰণ প্রক্রিয়া সন্দর্ভত মন্ত্রীজনে সদনক বিস্তাৰিতভাবে অৱগত কৰে। মন্ত্রীজনে প্রকাশ কৰা মতে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে ১৯৯৯ চনৰ ১৫ জুনত কেন্দ্রীয় চৰকাৰে যি মডেলিটী প্রস্তুত কৰিছিল সেই মডেলিটীৰ ২০০২ চনত আৰু ২০২২ চনত সংশোধন ঘটোৱা হৈছিল। সেই অনুসৰি কোনোবা ৰাজ্য চৰকাৰে এটা জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ বাবে ন্যায্যতা প্রদানেবে কেন্দ্রীয় চৰকাৰৰ ওচৰলৈ প্রস্তাব প্রেৰণ কৰিব লাগে। সেই প্রস্তাবত ভাবতব মহাপঞ্জীয়ক আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগে সেউজ সংকেট প্রদান কৰিলেহে কেন্দ্রীয় চৰকাৰে আইন ৰূপায়ণ কৰি সংশ্লিষ্ট জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব পাৰে।
এইক্ষেত্রত ভাৰতৰ মহাপঞ্জীয়ক কিম্বা আয়োগে কোনো বিসংগতি দেখিলে সেয়া ৰাজ্য চৰকাৰক অৱগত কৰোৱাটোৱেই হৈছে কেন্দ্রীয় চৰকাৰৰ কাম। অনুমোদিত মডেলিটী অনুসৰিয়েই কেন্দ্রীয় চৰকাৰে এটা জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব পাৰে বুলি বিভাগীয় মন্ত্রী উইকীয়ে বিবৃতি প্রদান কৰে। উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নির্বাচনৰ প্রাকৃমুহূর্তত সেই সময়তেও জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্রী হিচাপে জুবেল ওৰামে ৰাজ্যসভাত ৰাজ্যৰ ছয় জনগোষ্ঠী ক্রমে কোচ ৰাজবংশী, মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ কেইবাটাও সম্প্রদায়ক লৈ জনজাতিকৰণ সম্পৰ্কীয় একাধিক বিধেয়ক দাখিল কৰিছিল। পিছে জনজাতিকৰণৰ বিধেয়কখনক লৈ চৰকাৰে পৰৱর্তী সময়ত কোনোধৰণৰ স্থিতি স্পষ্ট কৰা নাছিল।