...

শোণিতপুৰৰ মিছামাৰীত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

Spread the love

শোণিতপুৰৰ মিছামাৰীত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

সোণাই-ৰূপাই অভয়াৰণ্যৰ জাক জাক বন্যহস্তিৰ সন্ত্ৰাস

অভয়াৰণ্যৰ কাষৰীয়া গঞাৰ বিনিদ্ৰ ৰজনী

মিছামাৰী:

শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা বন্যহস্তিৰ জাকে আজি নিচেই পুৱাতে জনাঞ্চলৰ পৰা অভয়াৰণ্যলৈ উভতি যাওঁতে বনগাঁও হাস্তাইপাৰাৰ দিপালী বড়ো (৫৩) নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰি হত্যা কৰে ৷ আনহাতে ইয়াৰ কিছু নিলগত অৱস্থিত জীয়াবাঁৰীত স্থাপিত বড়ো সাহিত্য সভাৰ প্ৰতীক স্তম্ভ হাতীৰ জাকটোৱে আক্ৰমণ কৰাত স্তম্ভটো ক্ষতি সাধন হয় ৷ উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা প্ৰস্থান কৰা বন্যহস্তিৰ জাকটোৱে অভয়াৰণ্যৰ কাষৰীয়া গোলাই, জীয়াবাঁৰী, হাস্তাইপাৰা, সনাপুৰত, ৰামনাথপুৰ আদি বন গাওঁৰ উপৰি গঁড়মাৰা চেঁচা বিল, জোৰ পুখুৰী, নতুন মাটি, বেলশিৰি আদি ঠাই নিশাটো খাদ্যৰ সন্ধানত ভ্ৰমি নিচেই পুৱাতে হাতীৰ জাকটো বনাঞ্চল লৈ উভতি যাওঁতে উক্ত মৰ্মান্তিক ঘটনাটো সংঘটিত কৰি থৈ যায় ৷ জিলাখনৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ উত্তৰ প্ৰান্তত অৱস্থিত সোণাই-ৰূপাই অভয়াৰণ্যৰ জাক জাক বন্যহস্তি বিগত এপষেক ধৰি অভয়াৰণ্যটোৰ কাষৰীয়া অঞ্চলত সন্ত্ৰাস চলাই গঞাৰ নিদ্ৰা হৰিছে আৰু ইয়াৰ মাজতে কালি বন্যহস্তিৰ জাকটো অভয়াৰণ্যৰ পৰা প্ৰস্থান কৰি খাদ্যৰ সন্ধান কৰিব গৈ দুৰ্ভগীয়া মহিলা গৰাকীৰ প্ৰাণ লয় ৷ স্মৰ্তব্য যে অভয়াৰণ্য খনত বাহৰ পতা জাকজাক হাতী দিনৰ বেলি লহিয়াৰ লগেলগে খাদ্যৰ সন্ধানত অভয়াৰণ্যৰ পৰা প্ৰস্থান কৰি বিগত এপষেক ধৰি কৃষকৰ পথাৰৰ কষ্টোপাৰ্জিত সোণগুটি হাতীৰ জাকে ভক্ষণ কৰাৰ লগতে সোণালী বৰণীয়া ধাননি পথাৰ অনিষ্ট কৰি আহিছে ৷ কৃষকে কষ্টোপাৰ্জিত আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ ভৰপক সময়ত জাকজাক বন্যহস্তি পথাৰৰ ধান খেতি সঘনাই অনিষ্ট কৰাৰ ফলত দুৰ্ভগীয়া কৃষক সকল চিন্তিত হৈ পৰিছে ৷ বাৰিষাৰ ৰ’দ বৰষুণৰ বতৰত হাড়ভঙা পৰিশ্ৰম আৰু ধন টকাপইচা খৰচ কৰি পথাৰত খেতি কৰা ধান খেতি চপাবৰ বেলিকা হাতীৰ জাকে বিধিপথালি দিয়াত অভয়াৰণ্যটোৰ কাষৰীয়া বনগাঁও আৰু বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ চিন্তিত হোৱাৰ লগতে বন্যহস্তিৰ মুখামুখিৰ আশংকাত আন্ধাৰ নামি অহাৰ লগেলগে পৰিয়ালৰ সৈতে নিৰাপদ ঠাইত নিশা বিনিদ্ৰা ৰজনী কটাবলগীয়া হৈছে বুলি জানিবলৈ দিছে ৷ জানিব পৰামতে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বাহৰ পতা প্ৰায় শ শ হাতীৰ জাকে খাদ্যৰ তাড়নাত উত্ৰাৱল হৈ সন্ধিয়া নামি অহাৰ লগেলগে জনাঞ্চললৈ গমন কৰিবলৈ চেষ্টা কৰে ৷ কৃষকৰ পথাৰৰ সোণগুটি বনৰীয়া হাতীৰ পৰা ৰক্ষা কৰিবলৈ বন কৰ্তৃপক্ষই স্থানীয় কৃষক ৰাইজৰ সহযোগত দৈনিক পহৰা দিয়াৰ ব্যৱস্থা কৰিছে ৷ দৈনিক পহৰা দিয়াৰ ব্যৱস্থা চলি থকাৰ মাজতে ভোকাতুৰ হাতীৰ জাকটোৱে কালি আন্ধাৰৰ সুযোগ লৈ পহৰাৰ বেষ্টনী ভাঙি অভয়াৰণ্যটোৰ কাষৰীয়া গোলাই চেণ্টাৰৰ কাষেদি প্ৰস্থান কৰি জনাঞ্চললৈ গমন কৰে ৷ হাতীৰ জাক গঞাৰ ধানখেতিৰ মাজেদি গমন কৰাৰ গম পাই গঞাই চিঞৰ বাখৰ আৰম্ভ কৰে ৷ গঞাৰ চিঞৰ শুনি বন্যহস্তিৰ জাকটো ছেদেলিভেদেলি হৈ পৰে আৰু ওৰেটো নিশা গঁড়মৰা চেঁচাবিল, জোৰপুখুৰী, নতুন মাটি আদি ঠাইত বিচৰণ কৰে আৰু নিচেই পুৱাতে হাতীৰ জাকটো দুটা ভাগত বিভক্ত হৈ সোণাই ৰূপাই অভয়াৰণ্য লৈ উভতি যাওঁতে উক্ত ঘটনাটো ঘটাই থৈ যায় ৷ দুৰ্ভগীয়া মহিলা দিপালী বড়োৰ মৃত্যুৰ ঘটনাৰ খবৰ পায়েই আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে শ শ বনৰীয়া হাতী অঞ্চলটোত সঘনাই সন্ত্ৰাস চলোৱাত গঞা ৰাইজ ওৰেটো নিশা বিনিদ্ৰা ৰজনী কটাই আহিছে বুলি জানিবলৈ দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *