ভাৰত-বাংলাদেশ সীমান্তৰ দূৰ্গম অঞ্চলত চলিছে কি?
বাংলাদেশী মৌলবাদী শক্তিৰ টিঘিলঘিলনি!
*চাইন অন ডেস্ক:*
সম্প্ৰতি অসম আৰক্ষীৰ এছটিএফে অস্ত্র-শস্ত্ৰ আৰু ডিজিটেল জেহাদৰ এক ভয়ংকৰ নেটৱৰ্ক উৎখাত কৰি নামনি অসম আৰু মধ্য অসমৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুৰ্গম অঞ্চল বাংলাদেশী মৌলবাদী সংগঠন এছামৰ মুক্ত বিচৰণথলী হৈ পৰিছে নেকি বুলি জন্ম দিছে প্ৰশ্নৰ। উল্লেখ্য যে, অসমৰ সৈতে বাংলাদেশৰ প্রায় ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৯২ কিলোমিটাৰেই হ’ল উন্মুক্ত নদী সীমান্ত। ইয়াৰে, নামনি অসমৰ ধুবুুৰী এবং দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশৰ মাজৰ ১৪১.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৬১ কিলোমিটাৰ হ’ল নদী সীমান্ত। ফলত, ভাৰত-বাংলাদেশ সীমান্তৰ কুৰিগ্ৰাম চেক্টৰ ৰূপে পৰিচিত নামনি অসমৰ অত্যন্ত সংবেদনশীল এই দুখন জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত অতীব গুৰুত্বপূৰ্ণ। পিছে দীৰ্ঘদিনৰ পৰাই জিলা দুখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দূৰ্গম সীমান্তইদি পশুধনকে ধৰি অইন বিভিন্ন সামগ্ৰীৰ চোৰাং বেহা অবাধে চলি থকাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত সক্ৰিয় ভাৰত বিৰোধী মৌলবাদী শক্তিবোৰে চোৰাং বেহাৰ সৈতে জড়িত চক্ৰৰ সহযোগত শালমাৰা-মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰাপাৰৰ কোনো নেটৱৰ্ক গঢ়ি তুলাটো নিশ্চিত বুলিয়েই কিন্তু মত ভূ-ৰখা একাংশৰ। ইপিনে, বাংলাদেশৰ নেছনেল চিটিজেন পাৰ্টি (এনচিপি)ৰ নেতা হাচনাত আব্দুল্লাহৰ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ‘চেভেন চিষ্টাৰ্ছ’ অঞ্চলক বিচ্ছিন্ন কৰাৰ লগতে বিচ্ছিন্নতাবাদী গোষ্ঠীক আশ্ৰয় দিয়াৰ মুকলিকৈ সকিয়নী প্ৰদান কৰাৰ মন্তব্য বিশেষ তাৎপৰ্যবাহী বুলিয়েই কিন্তু বিবেচিত হৈছে। স্মৰ্তব্য যে, বিগত সময়চোৱাত জিলাখনৰ পৰা জেএমবি আৰু এবিটিৰ শ্লিপাৰ চেলৰ সদস্যৰ উপৰিও আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযানত ধুবুৰী জিলা সংলগ্ন গোৱালপাৰা জিলাৰ পৰা জইছ-ই-মহম্মদ (চমুকৈ জেইএম)ৰ সৈতে জড়িত যুবককে কৰায়ত্ত হৈছে। বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ এটি দলে অসম আৰক্ষীৰ এছটিএফ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই জেইএমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰায়ত্ত কৰিছিল ছাহানূৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু ছাহানূৰ আলম নামৰ চাৰিজনকৈ যুৱকক। আনহাতে, বিগত ২০২৪ বৰ্ষৰেই ডিচেম্বৰ মাহত অসম আৰক্ষীৰ এছটিএফৰ “অপাৰেচন প্ৰঘাত”ত নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ পৰা পুনৰ বাংলাদেশৰ অন্যতম জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ ৫গৰাকী শ্লিপাৰ ছেলৰ সদস্য কৰায়ত্ত হৈছিল। উল্লেখ্য যে, এছটিএফৰ দেশজুৰি চলা সেই অভিযানত কেৰেলাৰ পৰা এজন আৰু পশ্চিমবংগৰ পৰা দুজন এবিটি সদস্য কৰায়ত্ত হোৱাৰ বিপৰীতে অসমৰ কোকৰাঝাৰ জিলাৰ পৰা চাৰিজন আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাতিপোতাৰ পৰাও এজন এবিটিৰ শ্লিপাৰ চেলৰ সদস্য জালত পৰিছিল। আনহাতে চলিত বৰ্ষৰ ২৩ আগষ্টৰ দিনা ধুবুৰী জিলাৰ গোলকগঞ্জৰ লক্ষীমাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে জেএমবি সৈতে প্ৰত্যক্ষ যোগাযোগ থকাৰ অভিযোগত আলী হুছেইন বেপাৰী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। ইয়াতে স্মৰ্তব্য এয়াও যে, বিগত ২০২২ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ পৰা জহুৰা খাতুন নামৰ এবিটিৰ এগৰাকী দূৰ্ধৰ্ষ সদস্যা জালত পৰিছিল আৰক্ষীৰ। ধৃত সেই বিবাহিত মহিলাগৰাকী বাংলাদেশৰ নাগৰিক তথা এবিটিৰ দূৰ্ধৰ্ষ সদস্য আবু তাল্লাহৰ পত্নী বুলি আৰক্ষীৰ তদন্তত উন্মোচিত হৈছিল। আনকি মহিলাগৰাকীৰ পৰা জব্দ কৰা মোবাইলৰ তথ্যই এবিটি সদস্যসকলে নিজৰ মাজত যোগাযোগৰ বাবে অত্যাধুনিক ডাৰ্ক ৱেব ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ দিশো উঠি আহিছিল। আনহাতে, ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলৰ দিনা আৰক্ষীৰ অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা জালত পৰিছিল ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশা শেখ নামৰ তিনিগৰাকীকৈ এবিটি সদস্য। ইয়াৰে ছফিকুল ইছলামৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত। আনহাতে, আন দুই ধৃত এবিটি সদস্য মোজাহিদুল মণ্ডল আৰু বাদশা শেখৰ ঘৰ হ’ল ক্ৰমে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড আৰু টাকীমাৰীত। ২০২৩ বৰ্ষৰেই ২ মে’ৰ দিনা ধুবুৰী আৰক্ষীৰ জালত পৰিছিল নজৰুল ইছলাম নামৰ এজন সন্দেহজনক এবিটি সদস্য। ধৃত ইছলামৰ ঘৰ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰ পাৰ তৃতীয় খণ্ড গাওঁত। আনহাতে, ২০২৩ বৰ্ষৰ ৫ আগষ্টৰ দিনা ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা কৰায়ত্ত কৰিছিল এবিটিৰ সক্ৰিয় মডিউল এটাৰ সদস্য আব্দুছ শুকুৰ আলী নামৰ এজন যুবককে। শুকুৰৰ গৃহ হ’ল ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত। শেহতীয়াকৈ, বিগত ১৮ ডিচেম্বৰৰ দিনা দেশ বিৰোধী কাৰ্যকলাপৰ জড়িত থকা অভিযোগত ছাদিক আলি ওৰফে ছাদিক শ্বেখৰ সন্ধানত উত্তৰ প্ৰদেশৰ এটিএছ আৰু আৰক্ষীৰ দলে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰীত অভিযান চলাইছিল। অৱশ্যে দলটোৱে ছাদিকৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হয়। নিশ্চিত নহয় যদিও ইতিমধ্যে লোকজন সীমান্ত পাৰ হৈ বাংলাদেশত আশ্ৰয় লোৱা বুলিয়েই সন্দেহ কৰা হৈছে। সামগ্ৰিক ঘটনাৱলীয়ে ভাৰত বিৰোধী কেইবাটাও জেহাদী গোষ্ঠীয়ে ইতিমধ্যে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ দূৰ্গম অঞ্চলত সাংগঠনিক তৎপৰতা আৰম্ভ কৰাটো নিশ্চিত কৰিছে আৰু এয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অশনি সংকেত বুলিয়েই বিবেচিত হৈছে।