বতৰে লগালে বিধি-পঠালি !
মহাকাশলৈ আজি যাব নোৱাৰিব ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা
মহাকাশচাৰীৰ সহায়ত মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ইছৰো
ভাৰতৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা প্ৰদান কৰি এগৰাকী ভাৰতীয় মহাকাশচাৰীৰ সহায়ত মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ইছৰো। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইয়াৰ প্ৰথমটো খোজতেই সন্মুখীন হ’বলগীয়া হৈছে বিপৰ্যয়ৰ।
তাৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লাক এটা ব্যক্তিগত কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ সংগী হৈছে মহাকাশাত দীৰ্ঘদিন কটোৱা প্ৰবীণ মহাকাশচাৰী পেগী হুইটছন আৰু পোলেণ্ড, হাংগেৰীৰ দুই মহাকাশচাৰী।