Skip to content লাহৰীঘাটত বগা হাতীত পৰিণত জলজীৱন আচঁনি!
৬ মাহে বিশুদ্ধ খোৱা পানী যোগান বন্ধ
মৰিগাওঁ:
মৰিগাঁও জিলাৰ লাহৰীঘাটত বগা হাতীত পৰিণত হৈছে জলজীৱন আচঁনিৰ বিশুদ্ধ খোৱা পানী যোগান । লাহৰীঘাট সমজিলাৰ অন্তৰ্গত টেঙাগুৰি বিশুদ্ধ খোৱা পানী যোগান আঁচনি বিগত ছমাহ ধৰি বন্ধ হৈ আছে। সামান্য মেৰামতিৰ অভাৱত বিগত ছমাহ ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে টেঙাগুৰি অঞ্চলৰ প্ৰায় সহস্ৰাধিক পৰিয়াল। বিগত ছমাহে পানী যোগান বন্ধ থকাত আঁচনিটোত ঘাঁহ বন গজা পৰিলক্ষিত হৈছে। চৰকাৰে কেইবাকোটি টকা খৰচ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে নিৰ্মাণ কৰিছিল যদিও বিভাগীয় বিষয়া কৰ্মচাৰীৰ ব্যাপক দূৰ্নীতিৰ বাবেই আঁচনিটোৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হবলগা হৈছে স্হানীয় ৰাইজ। এই আঁচনিৰ নামত প্ৰত্যেক বছৰে মেৰামতিৰ নামত কোটি কোটি টকা আৱন্টন হয় যদিও ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰী মিলি অতি নিম্নমানৰ কাম কৰাত কিছুদিন পিছে পিছে আঁচনিটো বিকল হৈ পৰে। বিগত ছমাহে সামান্য মেৰামতিৰ অভাৱত আঁচনিটো বন্ধ হৈ পৰাত স্হানীয় ৰাইজৰ মাজত হাহাকাৰ লাগিছে। মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত আঁচনিটো মেৰামতিৰ বাবে আবেদন নিবেদন কৰিও কোনোধৰণৰ সুফল লাভ কৰা নাই। মেৰামতিৰ অভাৱত বন্ধ হৈ থকা বিশুদ্ধ খোৱা পানী আঁচনি কাৰ্যক্ষম কৰিবলৈ মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ মিতিৰালিৰ বাবেই সময়ে সময়ে এই আঁচনিটো বিকল হয় আৰু সৰ্বসাধাৰণ বিশুদ্ধ খোৱা পানীৰ বঞ্চিত হব লগা হয়।লাহৰীঘাট সমজিলাৰ অধিকাংশ জলজীৱন আচঁনি কাগজে কলমেহে পানী যোগান চলি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত বিভাগৰ উৰ্ধতম কতৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব।