...

ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ “অসম মালা”ৰ পথ নিৰ্মাণৰ শুভ উদ্বোধন

Spread the love

ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ “অসম মালা”ৰ পথ নিৰ্মাণৰ শুভ উদ্বোধন

৯২ কোটি টকাৰে আৰম্ভ হ’ল হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণ কাৰ্য

মানকাচৰ:

দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ বাবে এটা অতি সুখবৰ। অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। জিলাখনৰ যাতায়াত ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপ হাটশিঙিমাৰী- মানকাচৰ পথৰ নিৰ্মাণ কাৰ্য অতি সোনকালে আৰম্ভ হ’বলৈ গৈ আছে। ৰাজ্য চৰকাৰে ‘অসম মালা’ আঁচনিৰ অধীনত এই ২৫ কিলোমিটাৰ পথছোৱাৰ বাবে আৱণ্টন দিছে ৯২ কোটি টকা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লাইফ লাইন স্বৰূপ হাটশিঙিমাৰী-মানকাচৰ পথৰ পুতৌজনক দৃশ্য। যিটো পথেৰে ২৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ যাত্ৰীৰ প্ৰয়োজন হয় প্ৰায় ৩ ঘণ্টা । বছৰ বছৰ ধৰি যাত্ৰী তথা চালকসকলে নৰক যন্ত্ৰণা ভোগ কৰি অহা এই পথছোৱাক লৈ অৱশেষত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে
ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আঁচনিৰ অধীনত ৯২ কোটি টকা ব্যয়েৰে হাটশিঙিমাৰীৰ পৰা শিয়ালটাৰীলৈকে এই গুৰুত্বপূৰ্ণ পথছোৱাৰ ভাৰ্চুৱেলী শুড উদ্বোধন কৰিব।
৯২ কোটিটকীয়া এই প্ৰকল্পই জিলাখনৰ যাতায়াত আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি এতিয়া আশাবাদী জিলাবাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *