...

এতিয়া কি হ’ব বিৰাট ক’হলীৰ?

Spread the love

 

এতিয়া কি হ’ব বিৰাট ক’হলীৰ?

 

অভিনেতা আল্লু অৰ্জুনৰ দৰেই আৰক্ষীয়ে ধৰি নিব নেকি ?
আই পি এলৰ খিতাপ দখলৰ পাছতে বেংগালুৰুত অনুষ্ঠিত হোৱা বিজয় উতসৱত সংঘটিত হোৱা শোকাৱহ ঘটনাক লৈ বিমোৰত ক’হলী !

 

চাইন অন ডেস্কঃ  আল্লু অৰ্জুনৰ দৰেই আৰক্ষীৰ জালত পৰিব নেকি ক্ৰিকেটাৰ বিৰাট কোহলী। আই পি এলৰ খিতাপ দখলৰ পাছতে বেংগালুৰুত অনুষ্ঠিত হোৱা বিজয় উতসৱত সংঘটিত হোৱা 
শোকাৱহ ঘটনাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। সামাজিক মাধ্যমত ৬জুন, ২০২৫ৰ দিনটোত টেণ্ডিঙত আছিল বিৰাট কোহলীক গ্ৰেপ্তাৰৰ দাবী। এনে সময়তে বেংগালুৰুৰ কাৰ্বন পাৰ্ক 
আৰক্ষী থানাত এজাহাৰ ৰুজু কৰিছে এগৰাকী সমাজকৰ্মীয়ে।

এম এছ ভেংকটেছ নামৰ সমাজকৰ্মীগৰাকীয়ে বিৰাটৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বিৰাটক গ্ৰেপ্তাৰৰ দাবী তুলিছে গোচৰীয়াগৰাকীয়ে। বিৰাটৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে আল্লু অৰ্জুনৰ প্ৰসংগ। পুষ্পা ছবিৰ পোষ্টাৰ মুকলি অনুষ্ঠানত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে আল্লু অৰ্জুনৰ বিৰুদ্ধেও অনুৰূপ ধৰণেই গোচৰ ৰুজু কৰা হৈছিল।

যোৱা বছৰৰ ১৩ডিচেম্বৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰি এৰাতি নিজৰ জিম্মাত ৰাখিছিল আৰক্ষীয়ে। এতিয়া বিৰাটৰ বিৰুদ্ধেও এনেদৰে ৰুজু হোৱা গোচৰৰ পাছতে বিৰাটৰ অৱস্থাও আল্লু অৰ্জুনৰ দৰেই হব নেকি বুলি বহুতেই আশংকা প্ৰকাশ কৰিছে। অৱশ্যে গোচৰ ৰুজু হলেও বৰ্তমানত দেশত নাই কোহলী। ভাৰত এৰি বৰ্তমান লণ্ডনত আছে বিৰাট।

Leave a Reply

Your email address will not be published. Required fields are marked *