...

৫২ টা চোৰাং গৰু সহ বাহন জব্দ

Spread the love

৫২ টা চোৰাং গৰু সহ বাহন জব্দ

নগাঁওৰ চামগুৰিৰ সোনাৰীবালিত
*নগাঁও:*

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱা পুনৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৫২ টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী থানা খনৰ অন্তৰ্গত সোনাৰীবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন সহ চোৰাং গৰু কেইটা জব্দ কৰে। প্ৰাপ্ত খবৰৰ মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত এটা আৰক্ষী দলে আজি পুৱা ৬-১৫ মান বজাত এক গোপন খবৰৰ ভিত্তিত সোনাৰীবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় ।চামগুৰি থানাৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত উজনিৰ দিশৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা এ এছ ২৫ এফ চি ৪২০৭ নম্বৰৰ চোৰাং গৰু ভৰ্তি গাড়ী খন আৰক্ষীৰ দলটোৱে জব্দ কৰে। আৰক্ষীৰ দলটোৱে জব্দ কৰা গাড়ী খনৰ পৰা পৰৱৰ্তী সময়ত ৫২ টা চোৰাং গৰু উদ্ধাৰ কৰে যদিও তাৰে এটা গৰু মৃত অৱস্থাত উদ্ধাৰ হয়। আনহাতে আৰক্ষীৰ অভিযানৰ সময়তে গাড়ীখনৰ চালক আৰু পৰিচালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গাড়ী খনৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰু কেইটা পৰৱৰ্তী সময়ত নগাঁও গো শালালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *