ডিব্ৰুগড়ত স্বয়ংক্ৰিয় বাহন ফিটনেছ টেষ্টিং চেণ্টাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ
১২ কোটি টকা ব্যয়েৰে নিৰ্মিত সম্পূৰ্ণ স্বয়ংক্ৰিয় ব্যৱস্থা
ৰাজ্যৰ ডিটিঅ’ কাৰ্যালয় হব বন্ধ !
চাইন অন ডেস্ক:
ডিব্ৰুগড়ত লাহোল পলিটেকনিকৰ সমীপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বয়ংক্ৰিয় বাহন ফিটনেছ পৰীক্ষণ কেন্দ্ৰ উদ্বোধন কৰি ৰাজ্যৰ বাহন ফিটনেছ টেষ্টিং ব্যৱস্থাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে।অসম চৰকাৰে ৰাজ্যৰ পৰিবহণ সেৱাসমূহ ডিজিটেলাইজ আৰু স্বয়ংক্ৰিয় কৰাৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে কন্টাক্টলেছ পৰিবহণ সেৱা আঁচনিৰ অধীনত ডিব্ৰুগড়ত অত্যাধুনিক স্বয়ংক্ৰিয় পৰীক্ষণ সুবিধা আনুষ্ঠানিকভাৱে মুকলি কৰে।
অসম ৰাজ্যিক পৰিবহণ নিগম (এ এছ টি চি) আৰু এপ্লাছ ইটেউভ ইণ্ডিয়াৰ যৌথভাৱে পৰিচালিত এই কেন্দ্ৰটোৱে জিলা পৰিবহণ কাৰ্যালয়লৈ নোযোৱাকৈ বা হাতৰ হস্তক্ষেপৰ প্ৰয়োজন নোহোৱাকৈ যান-বাহনৰ মালিকসকলে ফিটনেছ চাৰ্টিফিকেট লাভ কৰাৰ বাবে এক স্বচ্ছ, দুৰ্নীতিমুক্ত, আৰু কাৰ্যক্ষম প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰিব।মুঠ ১২ কোটি টকা ব্যয়েৰে নিৰ্মিত এই আধুনিক সুবিধাটো সম্পূৰ্ণ স্বয়ংক্ৰিয় ব্যৱস্থাৰে সজ্জিত যিয়ে বাহনৰ ফিটনেছ মূল্যায়নত সঠিকতা আৰু স্বচ্ছতা নিশ্চিত কৰিব।উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, বিমল বৰা, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, বিধায়ক বিনোদ হাজৰিকা, পোনাকন বৰুৱা, তৰংগ গগৈ, চক্ৰধৰ গগৈকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বাহনৰ উপযুক্ত ফিটনেছৰ অভাৱৰ বাবেই, ৰাজ্যৰ পথ দুৰ্ঘটনাৰ অন্যতম প্ৰধান কাৰণ।ৰাজ্যত পথ দুৰ্ঘটনা যাতে হ্ৰাস পায়,তাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।যান-বাহন সমূহৰ ফিটনেচ নাথাকিলে,গাড়ী সমূহৰ ব্ৰেক্ ফেইল,ষ্টেয়েৰিং ফেইল ইত্যাদিবোৰ হোৱাত দুৰ্ঘটনা হয়।মটৰ ভেহিকল আইনত এক ধাৰা আছে যে আমাৰ গাড়ী সমূহ মেনুৱেল টেষ্টিং পৰিৱৰ্তে ডিজিটেল টেষ্টিং হব

ডিব্ৰুগড়ত হোৱা খহনীয়াৰ বিষয়ে মোক কালিয়েই অৱগত কৰে।তেতিয়া মই ডিব্ৰুগড়ত নাছিলো আৰু মই খবৰ পোৱা মাত্ৰেই মন্ত্ৰী পীযুষ হাজৰীকাক ইয়ালৈ মতাই আনিছো। মন্ত্ৰী পীষুষৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকনে খহনীয়াৰ সকলো পৰিদৰ্শন কৰি বুজ লয়।তেওঁক সুধিলে মই জানিব পাৰিম যে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি যিমান পাৰো খহনীয়া ৰোধৰ বাবে পাৰ্যমানে চেষ্টা কৰিম,যাতে ডিব্ৰুগড় সদায়েই সুৰক্ষিত হৈ থাকে।আনাহাতে
২৫ নৱেম্বৰত অসম বিধান সভাত,জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব।
জনজাতিকৰণৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ সদায়ে সমৰ্থন আছে।ইয়াত আমি নিজেও জৰিত আছো,আমাৰ কাৰ্যকতাও জৰিত আছে।সমস্যাটো সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰসস্ত কৰিব লাগে।বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলিয়েই আছে।অহা ২৫ নৱেম্বৰত অসম বিধান সভাত,জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰি দিয়া কেবিনেট কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব।
