দুডাল লোহাৰ ৰডৰে মৰিয়াই মৰিয়াই হত্যা উত্তম গগৈক
হত্যাকাণ্ডত ব্যৱহৃত ৰড উদ্ধাৰ:অভিযান অব্যাহত
চাইন অন ডেস্ক:
সমগ্ৰ ডিব্ৰুগড় জিলাতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰাউত্তম গগৈ ওৰফে চেংকাইৰ হত্যাকাণ্ডত ব্যৱহৃত লোহাৰ ৰ’ড উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত জামিৰা
পাত্ৰ গাঁৱৰ টান্টিয়া হাইস্কুলৰ সন্মুখৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় লোহাৰ ৰড ডাল।যি ৰডৰে যোৱা ২৫ জুলাইত বৰবৰুৱাৰ লাহন গাঁৱৰ নিজ বাসগৃহত শুই থকা অৱস্থাত উত্তম গগৈ ওৰফে চেং কাইক মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল।য’ত নেকি চেং কাইৰ এখন কান চিঙি চিটিকি পৰিছিল আৰু সেই চাঞ্চল্যকৰ হত্যাকাণ্ডটো চেং কাইৰ নিজ পত্নী আৰু কন্যাই চুপাৰী কিলাৰৰ জৰিয়তে সংঘটিত কৰিছিল।বৰবৰুৱা আৰক্ষীয়ে চুপাৰী কিলাৰ দ্বীপ জ্যোতি বুঢ়াগোহাঁইক লগত লৈ কালি পুৱাৰ ভাগত এচ ডি আৰ এফ আৰু ডিব্ৰুগড় পৌৰনিগমৰ সহযোগত অভিযান চলাই উত্তম গগৈ ওৰফে চেংকাইৰ হত্যাকাণ্ডত ব্যৱহৃত লোহাৰ ৰ’ড উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডিব্ৰুগড় জামিৰা পাত্ৰগাঁৱৰ টান্টিয়া হাইস্কুলৰ সন্মুখত এটা নলাৰ পৰা উদ্ধাৰ লোহাৰ ৰড ডাল।আনহাতে চেংকাইক হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয় ডাল লোহাৰ ৰড উদ্ধাৰ কৰে।জানিব পৰা অনুসৰি ৰড দুডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডত।প্ৰথমে উদ্ধাৰ কৰা ৰড দালৰ স্থানৰ পৰা প্ৰায় ৬ ফুট নিলগত উদ্ধাৰ আন ডাল লোহা।আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা আন আন সামগ্ৰী বিচাৰি অভিযান অব্যাহত ৰাখিছে।ইফালে সমগ্ৰ ডিব্ৰুগড় জিলা কপাঁই যোৱা বৰবৰুৱাৰ হত্যাকাণ্ডত জৰিত ববী সোনোৱাল গগৈ আৰু ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইক আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে কন্যা নৱমল্লিকা গগৈ আৰু ছুপাৰী কিলাৰ গৌৰাংগ পাত্ৰক যোৰহাটৰ শিশু সংশোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
সম্পত্তি, ধনৰ লালসা তথা পৰকীয়া প্ৰেমৰ বাবেই শুই থকা অৱস্থাত মাজনিশা চেংকাইক ছুপাৰী কিলাৰৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল পত্নী-কন্যাই। স্থানীয় লোকৰ পৰা জানিব পৰামতে, চাৰিবাৰকৈ হত্যাৰ পৰিকল্পনা কৰা হৈছিল চেংকাইক। ডিব্ৰুগড়ৰ গদাপাণি উৰণীয়া সেঁতুৰ সমীপত গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা চলোৱা হৈছিল যদিও কথমপি প্ৰাণৰক্ষাৰ পৰিছিল।
আনহাতে ২৪ জুলাইত নিশাৰ ভাগতো হত্যাৰ পৰিকল্পনা কৰা হৈছিল। অৱশেষত ২৫ জুলাইত সেই পৰিকল্পনাই সফল ৰূপ লাভ কৰে। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে বৰবৰুৱা থানাৰ ৬৪/২০২৫ থানাৰ গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ আইন ১০৩(২)/৩০৯(২) ধাৰাৰ অধীনত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে।
একেদৰে আৰক্ষীৰ জিন্মাত থকা পত্নী ববী গগৈ আৰু কন্যাৰ প্ৰেমিক দ্বীপজ্যোতি বুঢ়াগোহাঁইক আৰক্ষীয়ে মাৰাথান জেৰা চলাইছে। এই জেৰাত হত্যাকাণ্ডৰ সন্দৰ্ভত বহু ন ন তথ্য লাভ কৰিছে। হত্যাকাণ্ডটোত জড়িত বহু ব্যক্তি জালত পৰাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত খোৱাং সমজিলা আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনে সংবাদ মাধ্যমৰ আগত বহুকেইজন ব্যক্তিক তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে।
উল্লেখযোগ্য যে, উত্তম গগৈ ওৰফে চেংকাই সমগ্ৰ বৰবৰুৱা অঞ্চলটোৰ এজন উদ্যমী ব্যৱসায়ীৰূপে পৰিচিত হোৱাৰ লগতে এজন সমাজকৰ্মীও। পত্নী ববী সোণোৱাল গগৈয়ে নিজৰ পৰকীয়া প্ৰেম সফল নোহোৱাৰ বাবে আৰু নৱম শ্ৰেণীত অধ্যয়ণৰত কন্যাৰ প্ৰেমত বাধা হৈ থিয় দিয়াৰ চেংকাইক হত্যাৰ পৰিকল্পনা কৰিছিল। অৱশেষত কন্যাৰ প্ৰেমিকা দ্বীপজ্যোতি বুঢ়াগোহাঁইৰ জৰিয়তে ছুপাৰী কিলাৰ লগাই চাৰিওজনে নৃশংসভাৱে হত্যা কৰে চেংকাইক।
হত্যাকাৰীয়ে উত্তম গগৈৰ বাসগৃহৰ পৰা যোৱা ২২ জুলাইত বৃহৎ সংখ্যক সোণৰ গহণা তথা আ-অলংকাৰ লৈ গৈছিল আৰু নগদ দহ লাখ টকা বিচাৰিছিল ছুপাৰী কিলাৰে। ১০ লাখ টকাৰ ভিতৰত ৩ লাখ আগধন হিচাপে তিনিদিন পূৰ্বে লৈছিল দ্বীপজ্যোতি আৰু গৌৰাংগই। স্বামী আৰু পত্নীৰ লগতে পিতৃ -কন্যাৰ মধুৰ সম্পৰ্কৰ মাজত বিশ্বাসঘাটকতা কৰা ঘটনাটোৰ ধন আৰু প্ৰেমৰ বাবেই সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। বিশেষকৈ উত্তম গগৈয়ে হত্যাৰ বলি হোৱা পূৰ্বে বিভিন্ন সূত্ৰৰ পৰা প্ৰায় ১ কোটি ৮২ লাখ টকা পাবলগা ধনৰ হিচাপ দিছিল পত্নীক।
সেয়ে,এই নৃশংস হত্যাকাণ্ডৰ আৰৰ প্ৰকৃত কাৰণ কি সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে উন্মোচিত হব বুলি সকলোৱেই আশা প্ৰকাশ কৰিছে।