ছমাহ পূৰ্বৰে পৰা চলিছিল হত্যাৰ পৰিকল্পনা
দুই ছুপাৰী কিলাৰৰ সৈতে ১০ লাখ টকাত চুক্তি
উত্তম গগৈয়ে বিভিন্ন সূত্ৰৰ পৰা প্ৰায় ২ কোটি টকা পাবলগীয়া আছিল
চাইন অন ডেস্ক:

ডিব্ৰুগড় পৌৰনিগম আৰু এছডিআৰএফ আৰু চিভিল ডিফেন্সৰ কৰ্মী জড়িত আছিল হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ অভিযানত। ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰ, খোৱাং সমজিলা আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনৰ উপস্থিতিত চলোৱা হৈছিল এই উদ্ধাৰ অভিযান। প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি চলা অভিযানৰ অন্ততঃ ফৰেনছিকৰ দল উপস্থিত হৈ অস্ত্ৰ দুটা পৰীক্ষাৰ বাবে লৈ যোৱা হয়। আনহাতে অস্ত্ৰ দুটা উদ্ধাৰৰ পাছতে ঠাইলৈ ভিতৰত সংঘটিত অপৰাধ পুনৰ দৃশ্যাংশ প্ৰদৰ্শনৰ সম্ভাৱনা আছে।

আনহাতে সেই ধনৰ লালসাতে চেংকাইক হত্যা কৰা বুলি অভিযোগ উঠিছে। আন এক সূত্ৰ অনুসৰি পত্নী ববী গগৈৰ আছে তিনিজনকৈ পৰকীয়া প্ৰেমিক। পূৰ্বে ডিব্ৰুগড়ৰ বাণীপুৰৰ এটা ভাড়াঘৰৰ পৰা এনেবোৰ কাণ্ডৰ পৰা বাহিৰ কৰি দিছিল ববী গগৈক। উত্তম গগৈয়ে পত্নীৰ পৰকীয়া প্ৰেমত বাধা হৈ থিয় দিয়াৰ বাবেই হত্যা কৰা বুলি চৰ্চা লাভ কৰিছে। স্থানীয় লোকৰ মতে, প্ৰায় ৬ মাহ পূৰ্বৰে পৰা হত্যাৰ পৰিকল্পনা কৰিছিল চেংকাইক। ইয়াৰ পূৰ্বে স্কুটীত গৈ থকা অৱস্থাত চেংকাইক খুন্দিয়াই হত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে সেইবাৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল চেংকাই। ২৫ জুলাইত হত্যাৰ পূৰ্বে দুই ছুপাৰী কিলাৰৰ সৈতে ১০ লাখ টকা চুক্তি হৈছিল। ২২ জুলাইত আগধন হিচাপে দ্বীপজ্যোতি আৰু গৌৰাংগক দিয়া হৈছিল ৩ লাখ টকা। ইফালে হত্যাৰ সময়ত ডকাইতিৰ ৰূপ দিবলৈ সোণৰ আ-অলংকাৰ লুটি নিছিল আৰু সেই সোণৰ আ-অলংকাৰখিনি ৰাখিছিল গৌৰাংগ পাত্ৰৰ বাসগৃহত। ইতিমধ্যে আৰক্ষীয়ে সোণৰ আ-অলংকাৰসমূহ জব্দ কৰিছে।

