...

ছমাহ পূৰ্বৰে পৰা চলিছিল হত্যাৰ পৰিকল্পনা

Spread the love

 

 

ছমাহ পূৰ্বৰে পৰা চলিছিল হত্যাৰ পৰিকল্পনা

দুই ছুপাৰী কিলাৰৰ সৈতে ১০ লাখ টকাত চুক্তি
উত্তম গগৈয়ে বিভিন্ন সূত্ৰৰ পৰা প্ৰায় ২ কোটি টকা পাবলগীয়া আছিল

 

 

চাইন অন ডেস্ক:

ছমাহ পূৰ্বৰে পৰা চেংকাইক হত্যাৰ পৰিকল্পনা কৰিছিল।কালি চেংকাই হত্যাকাণ্ডৰ মাষ্টামাইণ্ড দ্বীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ ডিব্ৰুগড়ৰ বিভিন্ন স্থানত বৰবৰুৱা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ বিচাৰি অভিযান চলায়। দ্বীপজ্যোতি বুঢ়াগোহাঁয়ে আৰক্ষীক প্ৰদান কৰা ভাষ্যৰ ভিত্তিত জামিৰাৰ টান্টিয়া হাইস্কুলৰ সমীপৰ নলাৰ পৰা উদ্ধাৰ কৰা হয় হত্যাকাণ্ডত ব্যৱহৃত দুটাকৈ অস্ত্ৰ। দ্বীপজ্যোতিয়ে আঙুলিয়াই দিয়া স্থানতে হত্যাকাণ্ডত ব্যৱহৃত প্ৰথমটো অস্ত্ৰ উদ্ধাৰ কৰে। বিদ্যুতৰ খুঁটাত ব্যৱহাৰ কৰা লোহাৰ বল্টু আছিল অস্ত্ৰটো। দ্বিতীয়টো অস্ত্ৰ প্ৰায় ৬ ফুট দূৰত্বত উদ্ধাৰ কৰা হয়। সেয়া আছিল ২ ইঞ্চিৰ স্কোৱাৰৰ লোহাৰ পাইপ। দুয়োটা অস্ত্ৰৰে দৈৰ্ঘ্য হ’ব প্ৰায় প্ৰায় এক ফুট দীঘল।

ডিব্ৰুগড় পৌৰনিগম আৰু এছডিআৰএফ আৰু চিভিল ডিফেন্সৰ কৰ্মী জড়িত আছিল হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ অভিযানত। ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰ, খোৱাং সমজিলা আৰক্ষী অধীক্ষক অমৃত ৰঞ্জন বৰ্মনৰ উপস্থিতিত চলোৱা হৈছিল এই উদ্ধাৰ অভিযান। প্ৰায় দুঘন্টাৰো অধিক সময় ধৰি চলা অভিযানৰ অন্ততঃ ফৰেনছিকৰ দল উপস্থিত হৈ অস্ত্ৰ দুটা পৰীক্ষাৰ বাবে লৈ যোৱা হয়। আনহাতে অস্ত্ৰ দুটা উদ্ধাৰৰ পাছতে ঠাইলৈ ভিতৰত সংঘটিত অপৰাধ পুনৰ দৃশ্যাংশ প্ৰদৰ্শনৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ জানিব পৰামতে, আৰক্ষীক নগুৰ-নাকতি খোৱাইছে অভিযুক্ত দ্বীপজ্যোতিয়ে। হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীখিনি দেখোৱাই দিয়াৰ নামতো মিথ্যাচাৰৰ আশ্ৰয় লৈছিল দ্বীপজ্যোতিয়ে। এবাৰ যদি জামিৰাৰ ডিটিপি নলাত পেলোৱাৰ কথা কয়, আকৌ কেতিয়াবা খোৱাঙত অস্ত্ৰ দুটা পেলাই থৈ যোৱাৰ কথা কৈ মিছাৰ আশ্ৰয় লৈ আহিছে দ্বীপজ্যোতিয়ে। আৰক্ষীৰ চকুত ধুলি দি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা দুই অভিযুক্তৰ। উত্তম গগৈৰ কন্যাৰ প্ৰেমিক দ্বীপজ্যোতিয়ে গৌৰাংগ পাত্ৰক জড়িত কৰাইছিল হত্যাকাণ্ডটোত। এটা সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ সন্তান গৌৰা‍ংগ পাত্ৰই দ্বীপজ্যোতিৰ সংগত পৰি হত্যাকাণ্ডৰ দৰে জঘন্য অপৰাধত জড়িত হৈ পৰিছিল। এক বিশেষ সূত্ৰে লাভ কৰা খবৰ অনুসৰি মৃত্যুৰ দুদিন পূৰ্বে উত্তম গগৈয়ে বিভিন্ন সূত্ৰৰ পৰা প্ৰায় ২ কোটি টকা পাবলগীয়া হিচাপ দিছিল পত্নীক। কিছুদিনৰ পূৰ্বে উত্তম গগৈয়ে ৫০ লাখ টকা পাবলগীয়া ধন লাভ কৰিছিল।

আনহাতে সেই ধনৰ লালসাতে চেংকাইক হত্যা কৰা বুলি অভিযোগ উঠিছে। আন এক সূত্ৰ অনুসৰি পত্নী ববী গগৈৰ আছে তিনিজনকৈ পৰকীয়া প্ৰেমিক। পূৰ্বে ডিব্ৰুগড়ৰ বাণীপুৰৰ এটা ভাড়াঘৰৰ পৰা এনেবোৰ কাণ্ডৰ পৰা বাহিৰ কৰি দিছিল ববী গগৈক। উত্তম গগৈয়ে পত্নীৰ পৰকীয়া প্ৰেমত বাধা হৈ থিয় দিয়াৰ বাবেই হত্যা কৰা বুলি চৰ্চা লাভ কৰিছে। স্থানীয় লোকৰ মতে, প্ৰায় ৬ মাহ পূৰ্বৰে পৰা হত্যাৰ পৰিকল্পনা কৰিছিল চেংকাইক। ইয়াৰ পূৰ্বে স্কুটীত গৈ থকা অৱস্থাত চেংকাইক খুন্দিয়াই হত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে সেইবাৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল চেংকাই। ২৫ জুলাইত হত্যাৰ পূৰ্বে দুই ছুপাৰী কিলাৰৰ সৈতে ১০ লাখ টকা চুক্তি হৈছিল। ২২ জুলাইত আগধন হিচাপে দ্বীপজ্যোতি আৰু গৌৰাংগক দিয়া হৈছিল ৩ লাখ টকা। ইফালে হত্যাৰ সময়ত ডকাইতিৰ ৰূপ দিবলৈ সোণৰ আ-অলংকাৰ লুটি নিছিল আৰু সেই সোণৰ আ-অলংকাৰখিনি ৰাখিছিল গৌৰাংগ পাত্ৰৰ বাসগৃহত। ইতিমধ্যে আৰক্ষীয়ে সোণৰ আ-অলংকাৰসমূহ জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *