...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰত বক্তৃতানুষ্ঠান সম্পন্ন

চাইন অন ডেস্ক:

বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ন্যায়িক অধ্যয়ন কেন্দ্ৰ’ ৰ উদ্যোগত চেমিনাৰ হলত ‘আদালতকক্ষৰ নীতি’ (Courtroom Ethics) বিষয়ক এক অন্তৰংগ আলোচনা চক্ৰ আৰু ‘ন্যায়িক প্ৰক্ৰিয়াত প্ৰমাণৰ মানদণ্ড: প্ৰাসংগিক বিষয়সমূহ’ (Standard of Proof in Judicial Proceedings: Relevant Issues) শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়।অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিদ্বয়ক মঞ্চলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পিছতে বিশ্ববিদ্যালয় সংগীত পৰিৱেশন আৰু অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়। ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড° ৰূপম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ অলিভাৰ ওৱেণ্ডেল হোমছ জুনিয়ৰৰ বিখ্যাত উক্তি— “আইনৰ জীৱন যুক্তি নহয়, ই হ’ল অভিজ্ঞতা”—উদ্ধৃতিৰে ভাষণৰ পাতনি মেলে।

প্ৰথমটো আলোচনাত অৱসৰপ্ৰাপ্ত মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই তেওঁৰ এজন যুৱ অধিবক্তা আৰু এজন ন্যায়াধীশ হিচাপে লাভ কৰা অভিজ্ঞতাৰ আধাৰত আদালতৰ নৈতিকতাৰ ওপৰত বক্তব্য আগবঢ়ায়। এই প্ৰসংগত তেওঁ কয় যে ন্যায় মানেই হ’ল ন্যায়সংগত সিদ্ধান্ত। আইনী বৃত্তিটোক সমতা বা ‘ইকুইটি’ৰ প্ৰকৃত মনোভাৱেৰে চৰ্চা কৰিব লাগে।সমান্তৰালকৈ এজন অধিবক্তাই পেছাদাৰী হিচাপে নিজৰ সন্মান আৰু মৰ্যাদা অটুট ৰখাৰ লগতে ভাতৃত্ববোধ গঢ়ি তোলাটো প্ৰয়োজনীয় বুলি তেওঁ দোহাৰে। প্ৰসংগ আৰু সন্দৰ্ভৰে তেওঁ জে. এছ. যাদৱ বনাম মুস্তাফা এইচ. এম. ইউছুফ (১৯৯৩) আৰু ৰমন চাৰ্ভিচ প্ৰাইভেট লিমিটেড বনাম সুভাষ কাপুৰ (২০০১) আদিৰ দৰে গুৰুত্বপূৰ্ণ ন্যায়িক ৰায়দানৰ কথা উল্লেখ কৰে। তাৰোপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° শৰ্মাই অধিবক্তা আইন, ১৯৬১-ৰ ধাৰা ৪৯ আৰু দেৱানী কাৰ্যবিধি সংহিতাৰ ধাৰা ৮৯-ৰ প্ৰাসংগিকতা সম্পৰ্কেও আলোচনা কৰে। সামগ্ৰিকভাৱে তেওঁ মন্তব্য কৰে যে শিক্ষা হ’ল জীৱন আৰু ওকালতিৰ এক ‘এপ্ৰেন্টিছশ্বিপ’ (শিক্ষানবিচ)।

পৰৱৰ্তী আলোচনাত ডিব্ৰুগড়ৰ বিশিষ্ট অধিবক্তা শ্যামল শীলে দেৱানী আৰু ফৌজদাৰী উভয় গোচৰতে ‘প্রমাণৰ মানদণ্ড’ৰ ধাৰণা আৰু গুৰুত্বৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ ভাৰতীয় প্ৰমাণ আইনৰ ৩ নং ধাৰাৰ অধীনত থকা ‘প্ৰমাণিত’ (Proved), ‘অপ্ৰমাণিত’ (Disproved) আৰু ‘প্ৰমাণিত নোহোৱা’ (Not Proved) আদি মূল ধাৰণাসমূহ ব্যাখ্যা কৰে, যিবোৰ ন্যায়িক সিদ্ধান্ত গ্ৰহণৰ মূল ভেটি। সংক্ষেপে তেওঁ উল্লেখ কৰে যে ফৌজদাৰী গোচৰত প্ৰমাণৰ মানদণ্ড “যুক্তিসংগত সন্দেহৰ অতীত” (Beyond reasonable doubt), আনহাতে দেৱানী গোচৰত ই “সম্ভাৱনীয়তাৰ প্ৰাধান্য” (Preponderance of probabilities) ৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। ইয়াৰ উপৰিও তেওঁ আদালতৰ বিলম্ব, বিশ্বাসযোগ্য সাক্ষীৰ অভাৱ আদি ব্যৱহাৰিক সমস্যাসমূহৰ ওপৰতো আলোকপাত কৰে।দুয়োলানি আলোচনাৰ অন্তত অতিথিদ্বয়ে ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ সৈতে এক উদ্দীপনামূলক প্ৰশ্নোত্তৰকালটো ভাগ লয়। ছাত্ৰ-ছাত্ৰীসকলে প্ৰমাণৰ মূল্যায়ন আৰু আদালতৰ প্ৰক্ৰিয়া সম্পৰ্কে কেইবাটাও অন্তৰ্দৃষ্টিসম্পন্ন প্ৰশ্ন সোধে। বক্তাসকলে শিক্ষাৰ্থীসকলক বিশ্লেষণাত্মক চিন্তা আৰু আইনী নীতিৰ গভীৰ অধ্যয়ন অধিক বিকশিত কৰিবলৈ উৎসাহিত কৰে।

ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰী শ্বাহীন চুলতানাই আঁতধৰা অনুষ্ঠানটোৰ শেষত ছাত্ৰী অংগনা মহন্তই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটো সফল কৰাত সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *