...

চৰকাৰী উৎচ্ছেদৰ সময়তে আগিয়াত দখলদাৰীৰ উকমূকনি

Spread the love

 

চৰকাৰী উৎচ্ছেদৰ সময়তে আগিয়াত দখলদাৰীৰ উকমূকনি

 

ৰাইজৰ সংৰক্ষিত জীৱ জন্তুৰ মৰিশালি ভূমিত সুবিধাবাদীৰ শেন চকু !

 

আগিয়া:

ৰাজ্যত দখলিকৃত চৰকাৰী ভূমি বেদখলকাৰীৰ কবলৰ পৰা এফাৰ পৰা মূক্ত কৰি অহাৰ সময়তে বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত আগিয়া দোৰাপাৰ, উলুপাৰা গাওঁৰ নিকটৱৰ্তী এডোখৰ ৰাইজৰ দ্বাৰা সংৰক্ষিত ভূমিত ইটোৰ পপিছত সিটো দখলদাৰী দলৰ উকমুকনি ঘটা ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্যমতে ১৭নং ৰাষ্ট্ৰীয় আগিয়া-শোলমাৰী পথৰ কাষত আগিয়াস্হিত ৰেচম ফাৰ্মৰ উত্তৰ দিশত গাতে লাগি থকা ২১৭ নং দাগৰ প্ৰায় ৪.৫ বিঘা খাচ ভূমি অতীতৰে পৰা ৰাইজৰ দ্বাৰা সংৰক্ষিত হৈ আহিছে। সূদীৰ্ঘ বছৰৰ পৰা ডোৰাপাৰা উলুপাৰা,সৌকাপাৰা,সুত্ৰধৰপাৰাকে ধৰি পাচ খন গাৱৰ ৰাইজে গৰু,ছাগলী জীৱ-জন্তু মৰিলে উক্ত স্হানতে সৎকাৰ কৰি জীৱ-জন্তুৰ মৰিশালি হিচাপে ব্যৱহ্নিত কৰি আহিছে। ৰাইজৰ অভিযোগ মতে ৰাইজৰ সংৰক্ষিত উক্ত ভূমি ডোখৰত ইটোৰ পিছত সিটো দখলধাৰীৰ দলে ভূমি বেদখল কৰিবলৈ আহে। অভিযোগ মতে দুবছৰ মান পূৰ্ৱে এই মাটি ডোখৰতে দেশী গৰিয়া-মৰিয়া এটা সংগঠনে কাৰ্যালয় স্হাপন কৰিবলৈ আহে যদিও ৰাইজে বাধা প্ৰদান কৰে। সেই সময়তে ৰাইজৰ এখন ভূমি সংৰক্ষণ সমিতি খুলি মাটি ডোখৰৰ সম্পৰ্কত গুৰ বিতান্ত জনাই গোৱালপাৰা আয়ুক্তৰ লগতে বালিজানা ৰাজহ চক্ৰ বিষয়াক লিখিত আবেদন জনোৱা হৈছিল। ইয়াৰ পিছতো যোৱা ২০ নবেম্বৰ তাৰিখে গোৱালপাৰা সদৰৰ কেইগৰাকীমান লোকে মাটি ডোখৰ বেদখল কৰাৰ উদ্দেশ্যে মজুৰি বনুৱা লগাই জংগল কাটি চাফা কৰিবলৈ লয়। স্হানীয় ৰাইজে এই কাৰ্য্যত বাধা প্ৰদান কৰি বেদখল কাৰ্য্য বন্ধ কৰি দিয়ে। ঘটনা সম্পৰ্কত জানিব পাৰি আজি ৫ খন গাওঁৰ গঞাঁ ৰাইজে মাৰ বান্ধি ওলাই আহি মাটি ডোখৰৰ জংগল জুৰি কাটি প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে চৰকাৰী ৰাজহ বিভাগলৈ সন্দেহৰ আঙুলি তোৱাই প্ৰশ্ন কৰে ৰাইজৰ দ্বাৰা সংৰক্ষিত ভূমিৰ লিখিত আবেদনৰ পিছতো গোৱালপাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কোন বিষয়াৰ প্ৰৰোচনাত ইটোৰ পিছত সিটো দল ব্যক্তিয়ে ভূমি ডোখৰত বেদখল দিবলৈ আহে। কেইটামান টকাৰ লোভত চৰকাৰী-ৰাজহুৱা মাটি বেদখল কৰিবলৈ উচতনি দিয়া স্বাৰ্থপৰ বিষয়া-কৰ্ন্মীৰ কু-অভিসন্ধিৰ ফলতেই আজি চৰকাৰে গোটেই অসমত উৎছেদৰ দৰে কাৰ্য্য পন্হা হাতত লব লগা হৈছে বুলি আক্ষেপ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *